বাৰ্মিজ চুপাৰিৰ কেইটামান বস্তা বা ট্ৰাক নহয়, এইবাৰ বাৰ্মিজ চুপাৰিভৰ্তি এখন ৰে'ল ধৰা পৰিল এটি ষ্টেচনত। কৰিমগঞ্জৰ বদৰপুৰ ৰে'ল জংচনত আবদ্ধ কৰা হৈছিল এখন সন্দেহজনক বাৰ্মিজ চুপাৰিভৰ্তি মালবাহী ৰে'ল।
কৰিমগঞ্জ আৰক্ষীৰ হাতত গোপন তথ্য আছিল যে এই ট্ৰেইনৰ যোগেদি মণিপুৰ আৰু ত্ৰিপুৰাৰ পৰা বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি অবৈধভাৱে সৰবৰাহ হ'ব পাৰে। লগে লগে শনিবাৰে ৰাতি কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ দল বদৰপুৰ ৰে'ল জংচনত উপস্থিত হয়। এই পণ্যবাহী ট্ৰেইনত থকা কম্পাৰ্টমেন্ট চেক কৰিবলৈ বিচাৰিছিল যদিও প্ৰতিখন পাৰ্ছেল ভানত ছীল–মোহৰ থকাৰ বাবে প্ৰয়োজন আছিল মালিগাঁও ৰেল বিষয়াৰ অনুমতি।
কালি কৰিমগঞ্জ আৰক্ষীয়ে মালিগাঁও ৰে'ল কৰ্তৃপক্ষক প্ৰেৰণ কৰাৰ পিছত আজি পুৱা অনুমতি লাভ কৰি কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভন বৰুৱাৰ নেতৃত্বত বদৰপুৰ ৰেল জংচনত পাৰ্চেল ভান খোলা আৰম্ভ কৰে। আৰু এনেদৰে এই ট্ৰেইনৰ মুঠ ১৫ কম্পাৰ্টমেন্ট খোলাত ওলাই পৰে ৩৫০ কুইণ্টল বাৰ্মিজ চুপাৰি। ইয়াৰ বজাৰ মূল্য ১২ কোটি টকা হব বুলি জানিব পৰা গৈছে যদিও নথি অনুসৰি ৬ কোটি দেখুওৱা হৈছে।
অসমত বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেটক লৈ প্ৰশাসন সজাগ হোৱাৰ পাছত দালাল চক্ৰই সৰবৰাহৰ ক্ষেত্ৰত নতুন পন্থা অৱলম্বন কৰিছিল, যাৰ তথ্য পোৱা গৈছিল কিছুদিন পূৰ্বেই। জানিব পৰা মতে, চীন আৰু বাৰ্মাৰ পৰা চুপাৰি আনি মিজোৰামৰ ব্যবসায়ীয়ে ত্ৰিপুৰা আৰু মণিপুৰৰ ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰি আহিছে। সেই চুপাৰি পুনৰ ত্ৰিপুৰা আৰু মণিপুৰৰ পৰা ৰে'লযোগে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।