জব্দ হোৱা গাঞ্জাখিনিৰ ওজন প্ৰায় ১৪ কেজি আৰু বজাৰমূল্য কেইবা লক্ষাধিক টকা।
জব্দ হোৱা গাঞ্জাখিনিৰ ওজন প্ৰায় ১৪ কেজি আৰু বজাৰমূল্য কেইবা লক্ষাধিক টকা।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে নিজৰ ৰণচালি। দেওবাৰে মহানগৰীৰ ভৰলুমুখ আৰক্ষীয়ে ভূতনাথ অঞ্চলত চলোৱা এই অভিযানটোত বৃহৎ পৰিমাণৰ সন্দেহজনক গাঞ্জা জব্দ কৰে। উল্লেখ্য যে, AS-01-MC-5211 নম্বৰৰ এখন TATA ACE গাড়ীৰে মইনুল আলী নামৰ এজন ব্যক্তিয়ে কঢ়িয়াই আনিছিল সন্দেহজনক গাঞ্জাখিনি।
আৰক্ষীৰ অভিযানত জব্দ হোৱা সন্দেহজনক গাঞ্জাখিনিৰ ওজন প্ৰায় ১৪ কেজি আৰু ইয়াৰ বজাৰমূল্য কেইবা লক্ষাধিক টকা হ'ব বুলি ধাৰণা কৰা হৈছে। এই বৃহৎ পৰিমাণৰ সন্দেহজনক গাঞ্জা কঢ়িয়াই অনা মইনুলৰ ঘৰ হাজোত আৰু ইতিমধ্যে আৰক্ষীয়ে তেওঁক আটক কৰাৰ লগতে এই সামগ্ৰীখিনি কঢ়িয়াই অনা গাড়ীখনো জব্দ কৰিছে।
ধৃত মইনুলৰ বিৰুদ্ধে ভৰলুমুখ আৰক্ষী থানাত NDPS আইনৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে। অধিক তথ্যৰ বাবে ভৰলুমুখ আৰক্ষীয়ে মইনুলক সোধা-পোছা অব্যাহত ৰাখিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|