মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »NAGAON : নগাঁৱত ভাড়াতীয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'ল গৃহস্থ, সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ

NAGAON : নগাঁৱত ভাড়াতীয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'ল গৃহস্থ, সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ

মহিলাগৰাকীৰ ঘৰত ভাৰাতীয়া ৰূপে থকা তিলক ডেকাৰ ঘৰ নলবাৰীত।

মহিলাগৰাকীৰ ঘৰত ভাৰাতীয়া ৰূপে থকা তিলক ডেকাৰ ঘৰ নলবাৰীত।

মহিলাগৰাকীৰ ঘৰত ভাৰাতীয়া ৰূপে থকা তিলক ডেকাৰ ঘৰ নলবাৰীত।

  • Share this:

নগাঁৱত ভাড়াতীয়াৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হ'ল গৃহস্থ৷ জিলাখনৰ খুটিকটীয়াত ঘৰৰ ভিতৰত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা হয় শেৱালী কলিতা নামৰ ঘৰৰ গৰাকীক৷


ভাড়াতীয়া ৰূপে থকা তিলক ডেকা নামৰ এজন লোকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, কিছুদিন পূৰ্বে তিলক ডেকাই মহিলাগৰাকীৰ ঘৰৰ পৰা চুৰ কৰিছিল এখন চাইকেল। মহিলাগৰাকীৰ ঘৰত ভাৰাতীয়া ৰূপে থকা তিলক ডেকাৰ ঘৰ নলবাৰীত।


ঘৰত আন কোনো নথকাৰ সুযোগ লৈ মহিলাগৰাকীৰ মূৰ আৰু হাতত দাৰে ঘপিয়াই ঘৰৰ ভিতৰত মুমূৰ্ষু অৱস্থাত পেলাই থৈ বাহিৰৰ পৰা তলা মাৰি পলায়ন কৰে ভাৰাতীয়া তিলক ডেকাই ৷


পিছত লংকাত থকা পুত্ৰই ফোন কৰি মাতৃৰ কোনো খবৰ নেপোৱাত প্ৰতিবেশীক মাতৃৰ খবৰ ল’বলৈ ঘৰলৈ পঠিয়ায়৷ তেতিয়াই প্ৰতিবেশীয়ে খিৰিকীৰে তেজেৰে তুমৰলি হৈ ঘৰৰ ভিতৰৰ মজিয়াত মুমূৰ্ষু অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে ৷


আহত মহিলাগৰাকীক ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। বৰ্তমান পলাতক হৈ আছে তিলক ডেকা।

শেহতীয়া বাতৰি