বঙাইগাঁৱত বনকৰা কিশোৰীক নিৰ্যাতনৰ (House Help Tortured) ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষী বিষয়া আৰু পত্নীয়ে চলোৱা নিৰ্যাতনৰ বলি হৈ ঘৰ এৰি পলাবলগীয়া হ’ল এগৰাকী বনকৰা কিশোৰী ৷ প্ৰাণৰ মমতাত এটা শিৱ মন্দিৰত লুকাই আছিল কিশোৰীগৰাকী। এই ঘটনাই বাকৰুদ্ধ কৰি তুলিছে বঙাইগাঁও (Bongaigaon)বাসীক।
আৰক্ষী পৰিদৰ্শক (Police Inspector) জীতেশ বৰ্মন আৰু পত্নীয়ে বন কৰা কিশোৰীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই দম্পতীৰ নিৰ্যাতনত অতিষ্ঠ হৈ কিশোৰীগৰাকীয়ে সন্ধিয়া পলায়ন কৰিবলগীয়া হয় ৷ আৰক্ষী বিষয়াজনৰ পুৰণি বঙাইগাঁৱৰ বাসগৃহৰ পৰা ওলাই আহি কেইবাকিলোমিটাৰ নিলগত থকা দেউৰীপাৰা শিৱ মন্দিৰত আশ্ৰয় গ্ৰহণ কৰিছিল কিশোৰীগৰাকীয়ে। তেনে সময়তে স্থানীয় লোকে কিশোৰীগৰাকীক দেখা পাই উদ্ধাৰ কৰে। পাছত স্থানীয় এজন লোকৰ ঘৰত নিশাটো ৰখা হয় কিশোৰীগৰাকীক। ঘৰৰ গৰাকীয়ে লগে লগে আৰক্ষীক খবৰো দিয়ে।
জানিব পৰা মতে কিশোৰীগৰাকীক ৯ বছৰ বয়সতে আৰক্ষী বিষয়াজনে নিজৰ ঘৰলৈ আনি বনকৰা কামত নিয়োগ কৰিছিল। স্থানীয়লোকে অভিযোগ কৰা মতে কিশোৰাগৰাকীক বাহিৰলৈ ওলাবও দিয়া নাছিল আৰক্ষী বিষয়া জীতেশ বৰ্মন আৰু তেওঁৰ পত্নীয়ে। বুলি প্ৰতিবেশীয়ে জানিব দিছে ৷ কিশোৰীগৰাকী প্ৰায় দহ-এঘাৰ বছৰ ধৰি আৰক্ষী বিষয়াজনৰ ঘৰত বনকৰা কিশোৰী হিচাপে আছিল ৷
সোমবাৰে দুপৰীয়া আৰক্ষী আৰু শিশু সুৰক্ষা বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে কিশোৰীগৰাকীক। ইতিমধ্যে শিশু সুৰক্ষা বিভাগৰ তৰফৰ পৰা ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে ৷ বঙাইগাঁও জিলা শিশু সুৰক্ষা বিষয়া ধনজিত ৰায়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব দিছে ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : October 04, 2021, 16:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।