এইবাৰ বঙাইগাঁৱত সুৰাৰ হোম ডেলিভাৰী ! ঘৰে ঘৰে সুৰা যোগান ধৰিবলৈ গৈ জালত হোটেল ব্যৱসায়ী।

News18 Assam | News18-Assam
Updated:June 13, 2021, 10:58 AM IST
এইবাৰ বঙাইগাঁৱত সুৰাৰ হোম ডেলিভাৰী ! ঘৰে ঘৰে সুৰা যোগান ধৰিবলৈ গৈ জালত হোটেল ব্যৱসায়ী।
স্কুটীৰ আগফালে 'FOOD DELIVERY' লিখি ঘৰে ঘৰে সুৰা বিলাবলৈ গৈ আৰক্ষীৰ জালত পৰিল হোটেল ব্যৱসায়ী হৰবিন্দৰ সিং ওৰফে হেনি সিঙে ।

স্কুটীৰ আগফালে 'FOOD DELIVERY' লিখি ঘৰে ঘৰে সুৰা বিলাবলৈ গৈ আৰক্ষীৰ জালত পৰিল হোটেল ব্যৱসায়ী হৰবিন্দৰ সিং ওৰফে হেনি সিঙে ।

  • Share this:
বঙাইগাঁৱত সান্ধ্য আইনৰ মাজতে সুৰাৰ হোম ডেলিভাৰী ৷ বাহনৰ সন্মূখৰ ফালে 'FOOD DELIVERY' (ফুড ডেলিভাৰী') লিখি ঘৰে ঘৰে সুৰা বিলাবলৈ গৈ আৰক্ষীৰ জালত পৰিল এজন হোটেল ব্যৱসায়ী ।

চহৰখনৰ মাজমজিয়াত থকা নিউ মহাৰাজা হোটেলৰ স্বত্বাধিকাৰী হৰবিন্দৰ সিং ওৰফে হেনি সিঙে সান্ধ্য আইনৰ মাজতে অবৈধ সুৰা যোগানৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।সান্ধ্য আইনৰ মাজতে বিভিন্নজনক ঘৰে  ঘৰে সুৰাৰ যোগান ধৰি আহিছিল ৷ আৰক্ষী–প্ৰশাসনৰ চকুত ধুলি দি ঘৰে ঘৰে সুৰাৰ যোগান ধৰাৰ বাবে বাহনৰ আগত ডাঙৰ ডাঙৰ আখৰৰে লিখি লৈছিল 'FOOD DELIVERY'৷

জৰুৰী সেৱাৰ বাহন বুলি ভাবি আৰক্ষী বা প্ৰশাসনে সচৰাচৰ চকু নিদিয়াৰ ফলত দীৰ্ঘদিনে সান্ধ্য আইনৰ মাজতো সুৰা যোগানৰ এক ৰমৰমীয়া ব্যৱসায় চলাই যাবলৈ সক্ষম হৈছিল হৰবিন্দৰ সিঙে ৷ গোপন সূত্ৰৰ পম খেদি জিলাখনৰ উপ–আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ নেতৃত্বত অভিযান চলাই শনিবাৰে নিশা হৰবিন্দৰ সিঙক হাতে লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

অভিযানকাৰী আৰক্ষী দলে সুৰা যোগান ধৰিবলৈ ব্যৱহাৰ কৰা AS19J4126 নং স্কুটীখনৰ লগতে বহু পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে৷ আৰক্ষীয়ে হৰবিন্দৰ সিং ওৰফে হেনি সিঙক থানালৈ আনি সোধা–পোছা অব্যাহত ৰাখিছে৷
Published by: Sanjay Kumar Das
First published: June 13, 2021, 8:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি