• Home
  • »
  • News
  • »
  • crime
  • »
  • প্ৰধানমন্ত্ৰী-ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু হিন্দুক লৈ বিতৰ্কিত পোষ্ট, গ্ৰেপ্তাৰ যুৱ কংগ্ৰেছৰ নিলম্বিত সম্পাদিকা।

প্ৰধানমন্ত্ৰী-ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু হিন্দুক লৈ বিতৰ্কিত পোষ্ট, গ্ৰেপ্তাৰ যুৱ কংগ্ৰেছৰ নিলম্বিত সম্পাদিকা।

হোজাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫৩(a)/২৯৫(a) ধাৰাৰ R/W-৬৭/ আই টি এক্টৰ অধীনত ৩৭৫ /২১ নম্বৰত কুসূম নন্দীৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ।

হোজাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫৩(a)/২৯৫(a) ধাৰাৰ R/W-৬৭/ আই টি এক্টৰ অধীনত ৩৭৫ /২১ নম্বৰত কুসূম নন্দীৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ।

হোজাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫৩(a)/২৯৫(a) ধাৰাৰ R/W-৬৭/ আই টি এক্টৰ অধীনত ৩৭৫ /২১ নম্বৰত কুসূম নন্দীৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ।

  • Share this:
হোজাইত যুৱ কংগ্ৰেছৰ  নিলম্বিত জিলা সম্পাদিকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। জানিব পৰা মতে নিলম্বিত জিলা যুৱ কংগ্ৰেছৰ সম্পাদিকা  কুসূম নন্দীয়ে নিজৰ ফেচবুক একাউণ্টত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে আপত্তিজনক আৰু বিতৰ্কিত পোষ্ট কৰিছিল। নেত্ৰীগৰাকীয়ে দিয়া বিতৰ্কিত পোষ্ট মুহূৰ্তত ভাইৰেল হৈ পৰে।

প্ৰধানমন্ত্ৰী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰক অপমান আৰু হিন্দুৰ বিৰুদ্ধে সাম্প্ৰদায়িক পোষ্ট কৰাৰ অভিযোগ তুলি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হোজাই শাখাৰ সম্পাদক দ্বীপ সাহাই কুসূম নন্দীৰ বিৰুদ্ধে হোজাই থানাত দাখিল কৰে এজাহাৰ। সেই এজাহাৰৰ ভিত্তিত হোজাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫৩(a)/২৯৫(a) ধাৰাৰ R/W-৬৭/ আই টি এক্টৰ অধীনত ৩৭৫ /২১ নম্বৰত ৰুজু কৰে গোচৰ।

হোজাই থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত বৃহস্পতিবাৰে পুৱা লংকা আৰক্ষীয়ে লংকাৰ ঘৰৰ পৰা কুসূম নন্দীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত ধৃত অভিযুক্তক আৰক্ষীয়ে আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত হাজিৰ কৰায়। সোধা-পোছা কৰাৰ পিছত নোটিছত মুকলি কৰি দিয়ে কুসূম নন্দীক ।

ইফালে কুসূম নন্দীৰ ফেছবুক পোষ্টক লৈ জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত  হোজাই জিলাৰ যুৱ কংগ্ৰেছে বিতৰ্কিত নন্দীক জিলা যুৱ কংগ্ৰেছৰ সম্পাদিকা পদৰ পৰা নিলম্বন কৰে।
Published by:Manjumoni Borah
First published: