হোজাই জিলাৰ উদালিত শনিবাৰে নিশা আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ ছীৰাপ (Cough Syrup)। উদালি পহৰা চকীৰ আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ ভিত্তিত তিনি আলি বজাৰৰ এখন ফাৰ্মাচীত অভিযান চলাই জব্দ কৰে তিনি কাৰ্টন কফ ছীৰাপ।
জব্দ তিনিটা কাৰ্টনত তিনিশ কফ ছীৰাপ বটল থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ ছীৰাপ জব্দ হোৱা ঘটনাত আৰক্ষীয়ে সোধা-পোছাৰ বাবে এজন লোকক আটক কৰিছে যদিও তদন্তৰ খাতিৰত আটাকাধীন লোকজনৰ পৰিচয় হোজাই আৰক্ষী (Hojai Police)য়ে এতিয়ালৈকে ৰাজহুৱা কৰা নাই।
আনহাতে দৰৱৰ দোকানৰ পৰা আৰক্ষীৰ অভিযানত বটলে বটলে নিচাজাতীয় কফ ছীৰাপ উদ্ধাৰ হোৱাৰ পিছত অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ। ইফালে নিচাজাতীয় কফ ছীৰাপৰ বেহা চলোৱা চক্ৰটোক উৎখাত কৰিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|