মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Crime : হোজাইত ড্ৰাগছ বিচাৰি আৰক্ষীৰ অভিযান। আটক মাতৃ-পুত্ৰ। উদ্ধাৰ বৃহৎ পৰিমাণৰ ব্রাউন  চুগাৰ 

Crime : হোজাইত ড্ৰাগছ বিচাৰি আৰক্ষীৰ অভিযান। আটক মাতৃ-পুত্ৰ। উদ্ধাৰ বৃহৎ পৰিমাণৰ ব্রাউন  চুগাৰ 

file image

file image

খেৰৰ মেজিত লুকুৱাই থোৱা অৱস্থাত ২৪টা ব্রাউন ছুগাৰ ভৰ্তি কণ্টেইনাৰ আৰু ৭৪ টা খালী কণ্টেইনাৰ জব্দ ।

  • Share this:
হোজাই জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই দায়িত্ব গ্ৰহণ কৰিয়েই জিলা খনক  ড্ৰাগছ মুক্ত জিলা হিচাপে গঢ় দিয়াৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ। সেইমতে হোজাই ,লংকা ,ডবকা আদি থানা এলেকাৰ বিভিন্ন স্থানত আৰক্ষী অধীক্ষক জনৰ নিৰ্দেশত আৰম্ভ কৰা হৈছে ড্ৰাগছ বিৰোধী অভিযান।

ইতিমধ্যে এই অভিযান ড্ৰাগছসহ কেইবাটাও সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ পিছত পুনৰ হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত পশ্চিম ডাবলং গাঁৱত লংকা আৰক্ষীয়ে চামছুল হক নামৰ এজন লোকৰ ঘৰত অভিযান চলাই খেৰৰ মেজিত লুকুৱাই থোৱা অৱস্থাত ২৪টা ব্রাউন ছুগাৰ ভৰ্তি কণ্টেইনাৰ আৰু ৭৪ টা খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।

অৱশ্যে উক্ত অভিযানৰ সময়ত চামছুল হক পলায়ন কৰে যদিও আৰক্ষীয়ে চামছুল হকৰ মাতৃ চাইৰুন নেচাক আটক কৰি লংকা থানাত জেৰা চলায়। পলাতক হৈ থকা চামছুল হকক পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

শেহতীয়া বাতৰি