মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »হোজাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ! ৭ কোটি টকাৰ ড্ৰাগছসহ ৪ সৰবৰাহকাৰী গ্ৰেপ্তাৰ ...

হোজাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ! ৭ কোটি টকাৰ ড্ৰাগছসহ ৪ সৰবৰাহকাৰী গ্ৰেপ্তাৰ ...

হোজাইত আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰ'ইন আৰু কানি। জিলা আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ নিৰ্দেশত লংকা আৰক্ষী ,হোজাই আৰক্ষী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিত দুৱৰাই মঙ্গলবাৰে পৃথক স্থানত অভিযান চলাই ৪ গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ লগতে বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে।

  • Share this:
হোজাইত আৰক্ষীৰ  অভিযানত জব্দ  কৰা হৈছে বৃহৎ পৰিমাণৰ হেৰ'ইন আৰু কানি। জিলা আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ নিৰ্দেশত লংকা আৰক্ষী ,হোজাই  আৰক্ষী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিত দুৱৰাই মঙ্গলবাৰে হোজাই জিলাৰ পৃথক স্থানত অভিযান চলাই চাৰি গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ লগতে বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী সহ AS-11J- 1944 নম্বৰৰ গাড়ী এখন জব্দ  কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে প্ৰথম অৱস্থাত লংকাৰ শ্বিলংৰোডৰ পৰা হেৰ'ইন সহ লামডিংৰ বাপ্পন সাহা আৰু মনা সৰকাৰক কৰে গ্ৰেপ্তাৰ।ধৃত ব্যক্তি দুটাৰ  স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে  পুনৰ অভিযান চলাই আন দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে যদিও আৰক্ষীয়ে তদন্তৰ খাতিৰত ধৃত সৰবৰাহকাৰী দুটাৰ নাম কৰা নাই ৰাজহুৱা।ইতিমধ্যে সমগ্ৰ ঘটনাটোত আৰক্ষীয়ে চাৰি গৰাকী সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ লগতে জব্দ কৰিছে ৭৪০ গ্ৰাম হেৰইন আৰু ১ কেজি ২৮ গ্ৰাম কানি।জব্দ কৃত হেৰ'ইন আৰু কানি খিনিৰ বজাৰ মূল্য প্ৰায় ৭ কোটি টকা হব বুলি বুধবাৰে আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থই এক  সংবাদমেল যোগে সদৰী কৰে ।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি