মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »হোজাই আৰক্ষীৰ অভিযানত পিষ্টলসহ জালত পৰিল ধৃত প্ৰৱঞ্চক জাকিৰৰ দুই সহযোগী ৰেজাউল আৰু বদৰুদ্দিন...

হোজাই আৰক্ষীৰ অভিযানত পিষ্টলসহ জালত পৰিল ধৃত প্ৰৱঞ্চক জাকিৰৰ দুই সহযোগী ৰেজাউল আৰু বদৰুদ্দিন...

সহজ সৰল লোকৰ ধন আত্মসাত কৰা প্ৰৱঞ্চক জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পিছত জাকিৰ গেঙৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে।  আৰক্ষীয়ে দুই সহযোগী ক্ৰমে ৰেজাউল আলম আৰু বদৰুদ্দিনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰেজাউল আলমৰ ঘৰৰ পিছফালে লুকাই থোৱা অৱস্থাত এটা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

  • Share this:
সহজ সৰল লোকৰ ধন আত্মসাত কৰা প্ৰৱঞ্চক জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পিছত জাকিৰ গেঙৰ নতুন নতুন তথ্য পোহৰলৈ আহিব ধৰিছে। বিভিন্ন জালিয়াতিৰে ধন আত্মসাত কৰা ইছলাম নগৰ অঞ্চলৰ জাকিৰ হুছেইনৰ বিৰুদ্ধে হোজাই থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ নিৰ্দেশত হোজাই থানাৰ অচি তপন মেধিৰ তৎপৰতাত গুৱাহাটীত হোজাই আৰক্ষীয়ে অভিযান চলাই প্ৰৱঞ্চকটোক যোৱা ১০ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিবলৈ হৈছিল সক্ষম হৈছিল।

হোজাই আৰক্ষীয়ে ধৃত জাকিৰ হুছেইনক শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাই অধিক সোধাপোছাৰ বাবে লৈছিল তিনিদিনৰ জিম্মাত।ইপিনে ধৃত জাকিৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰে ধন সৰকোৱাৰ অভিযোগ তুলি এতিয়ালৈকে প্ৰায় ১০ টাকৈ অধিক গোচৰ ৰুজু হৈছে ।ইয়াৰ মাজতে হোজাই আৰক্ষীয়ে ধৃত জাকিৰৰ বাকী সহযোগীৰ সন্ধানতো আৰম্ভ কৰিছিল অভিযান ।উক্ত অভিযানৰ অংশ হিচাপে হোজাই থানাৰ আৰক্ষীয়ে মৌৰাঝাৰ থানাৰ অন্তৰ্গত বৰহাওৰ আৰু আমবাৰী অঞ্চলত অভিযান চলাই দুই সহযোগী ক্ৰমে ৰেজাউল আলম আৰু বদৰুদ্দিনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰেজাউল আলমৰ ঘৰৰ পিছফালে লুকাই থোৱা অৱস্থাত এটা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইপিনে ধৃত দুয়ো মাৰণাস্ত্ৰ জাকিৰ হুছেইনৰ বুলি স্বীকাৰোক্তি দিয়াৰ লগতে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে পিষ্টলটো তেওঁলোকৰ ওচৰত থৈ গৈছিল বুলিও দিছে চাঞ্চল্যকৰ ভাষ্য।ইতিমধ্যে হোজাই আৰক্ষীয়ে উক্ত ঘটনা সংক্ৰান্তত এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।

শেহতীয়া বাতৰি