Money Loot: হোজাই (Hojai) নীলবাগানত চাঞ্চল্যকৰ ডকাইতি কাণ্ড (Cash loot) ৷ দিন দুপৰতে নীলবাগানৰ মাচুমা হোটেলৰ সন্মুখত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷
Money Loot: হোজাই (Hojai) নীলবাগানত চাঞ্চল্যকৰ ডকাইতি কাণ্ড (Cash loot) ৷ দিন দুপৰতে নীলবাগানৰ মাচুমা হোটেলৰ সন্মুখত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷
হোজাই (Hojai) নীলবাগানত চাঞ্চল্যকৰ ডকাইতি কাণ্ড (Cash loot) ৷ দিন দুপৰতে নীলবাগানৰ মাচুমা হোটেলৰ সন্মুখত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷
দুজন লোকে ধনৰ লেনদেন কৰি থাকোতে কেইজনমান দুৰ্বৃত্তই ধন কাঢ়ি লৈ উধাও হোৱাৰ অভিযোগ। মোহাম্মদ মাৰুফ নামৰ এজন লোকৰ ৬২ হাজাৰ টকা কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনা সংক্ৰান্তত ৫ জন লোকক অভিযুক্ত কৰি ভুক্তভোগী যুৱকজনে গোচৰ তৰিছে নীলবাগান আৰক্ষী পহৰা চকীত৷ দুৰ্বৃত্তকেইজনৰ আক্ৰমণত গুৰুতৰভাবে আহত হৈছে মোহাম্মদ মাৰুফৰ লগতে কেইবাজনো লোক ৷ হোটেলৰ চি চি কেমেৰাত বন্দী হৈছে আক্ৰমণৰ সমগ্ৰ দৃশ্য ৷ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|