হোজাইত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰসেনজিত নন্দীৰ হত্যাকাৰীক। কৃষ্ণনগৰ অঞ্চলৰ পৰা হোজাই আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিছে ডেৰ বছৰে পলাতক হৈ থকা চটু ওৰফে সুৰজ সেন নামৰ হত্যাকাৰীটোক।

২০১৯ চনৰ ১৩ নৱেম্বৰত কৃষ্ণনগৰ অঞ্চলত গুলীয়াই হত্যা কৰিছিল প্ৰসেনজিত নন্দী নামৰ যুৱকজনক।।সেই সময়ৰ পৰাই পলাতক হৈ আছিল চটু ওৰফে সুৰজ সেন।ইপিনে ঘটনাৰ পিছত হোজাই আৰক্ষীয়ে সেই সময়ত মুঠ ৯ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছিল হত্যাত ব্যৱহৃত পিষ্টলটো। হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰৰ নেতৃত্বত ঘটনাৰ মাষ্টাৰ মাইণ্ড চটু ওৰফে সুৰজক গ্ৰেপ্তাৰ কৰাৰ পিছত বৰ্তমান লৈকে গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছে।সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত থকা চটু ওৰফে সুৰজ সেনক আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|