
হোজাইত গৰু চোৰৰ বিলৈ। ৰাইজে গৰুৰ সৈতে বান্ধি গৰু চোৰক দিলে ঔকিল।
হোজাইত গৰু চোৰৰ বিলৈ। ৰাইজে গৰুৰ সৈতে বান্ধি গৰু চোৰক দিলে ঔকিল।
হোজাইত শুক্ৰবাৰে নিশা গৰু চোৰৰ বিলৈ। মইনাপুৰ অঞ্চলৰ পৰা এটা গৰু চুৰি কৰি বিশ্বজিত বনিক নামৰ গৰু চোৰে ৮ হাজাৰ টকাত লস্কৰ পথাৰ অঞ্চলৰ গৰু বেপাৰীৰ ওচৰত বিক্ৰী কৰিছিল। ইয়াৰ পিছত স্থানীয় ৰাইজে জানিব পাৰি শালবাগান গাঁৱৰ গৰু চোৰ বিশ্বজিত বনিকক কৰায়ত্ত কৰাৰ লগতে উদ্ধাৰ কৰে বেপাৰীৰ তাত বিক্ৰী কৰা চুৰি গৰুটো।
ৰাইজে লস্কৰ পথাৰৰ পৰা গৰুটো অনাৰ পিছত নিশা মইনাপুৰ গাঁৱত গৰুৰ সৈতে গৰু চোৰ বিশ্বজিত বনিকক বান্ধি শাস্তি দিয়ে। পকী খুটাত বান্ধি ৰাইজে গৰু চোৰক লপাথপা দিয়ে। ইফালে ৰাইজৰ উগ্ৰমূৰ্তি দেখি গৰু চোৰে কেতিয়াবা যদি কাণত ধৰিছে আকৌ কেতিয়াবা হাত জোৰ কৰে । অৱশেষত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি চোৰটোক থানাত লৈ যায়।ধৃত গৰু চোৰ বিশ্বজিত বনিকে গৰু চুৰি কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|