মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Highwayত আৰক্ষীক আক্ৰমণ কৰি পলোৱাৰ চেষ্টা ২ গাঞ্জা সৰবৰাহকাৰীৰ ! আৰক্ষীৰ গুলীত গুলীবিদ্ধ ৰহমত আৰু ৰমেশ, ট্ৰাকসহ জব্দ ৮৫ লাখ টকা মূল্যৰ গাঞ্জা...

Highwayত আৰক্ষীক আক্ৰমণ কৰি পলোৱাৰ চেষ্টা ২ গাঞ্জা সৰবৰাহকাৰীৰ ! আৰক্ষীৰ গুলীত গুলীবিদ্ধ ৰহমত আৰু ৰমেশ, ট্ৰাকসহ জব্দ ৮৫ লাখ টকা মূল্যৰ গাঞ্জা...

News18 Assam | News18-Assam
Updated:July 10, 2021, 3:59 PM IST
Highwayত আৰক্ষীক আক্ৰমণ কৰি পলোৱাৰ চেষ্টা ২ গাঞ্জা সৰবৰাহকাৰীৰ ! আৰক্ষীৰ গুলীত গুলীবিদ্ধ ৰহমত আৰু ৰমেশ, ট্ৰাকসহ জব্দ ৮৫ লাখ টকা মূল্যৰ গাঞ্জা...
ট্ৰাকখনৰ গৰাকী অসমৰ কাৰ্বি আংলং জিলাৰ লাহৰিজান নিৱাসী ৰহমত উল্লাহ বুলি চিনাক্ত কৰাৰ লগতে সহযোগীজন ৰাজস্থানৰ টুৰু জিলাৰ ৰমেশ কুমাৰ বুলি শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

ট্ৰাকখনৰ গৰাকী অসমৰ কাৰ্বি আংলং জিলাৰ লাহৰিজান নিৱাসী ৰহমত উল্লাহ বুলি চিনাক্ত কৰাৰ লগতে সহযোগীজন ৰাজস্থানৰ টুৰু জিলাৰ ৰমেশ কুমাৰ বুলি শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

  • Share this:
অসম আৰক্ষীয়ে ৰাজ্যজুৰি গৰুৰ অবৈধ চোৰাং বেহা, বৰবিহ ড্ৰাগছৰ লগতে আন বিভিন্ন ধৰণৰ চোৰাংকাৰবাৰৰ বিৰুদ্ধে  কঠোৰ স্থিতি গ্ৰহণ কৰি তীব্ৰ অভিযান অব্যাহত ৰখাৰ মাজতে যোৱা নিশা কোকৰাঝাৰৰ আলাংগী তিনিআলিত আৰক্ষীৰ গুলীচালনাত দুই গাঞ্জা সৰবৰাহকাৰী আহত হয়৷

আজি কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এই  ঘটনাৰ ওপৰত আয়োজিত এখন সংবাদ মেলত বিটিআৰৰ বিশেষ আইজিপি ড° এল.আৰ.বিঞ্চৈয়ে জানিব দিছে আহত দুজনৰ এজন ট্ৰাক চালক হোৱাৰ বিপৰীতে আন গৰাকী ট্ৰাকখনত অহা সহযোগী ৷ ট্ৰাকখনৰ গৰাকী অসমৰ কাৰ্বি আংলং জিলাৰ লাহৰিজান নিৱাসী ৰহমত উল্লাহ বুলি চিনাক্ত কৰাৰ লগতে সহযোগীজন ৰাজস্থানৰ টুৰু জিলাৰ ৰমেশ কুমাৰ বুলি শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে৷

আনহাতে চোৰাং গাঞ্জা কঢ়িয়াই অনা ট্ৰাকখন সন্দৰ্ভত প্ৰথমে কোকৰাঝাৰ জিলাৰ আন্তঃৰাজ্যিক তালাচী চকী শ্ৰীৰামপুৰৰ চোৰাংচোৱা বিভাগে এক গোপন সূত্ৰৰ পৰা জানিব পাৰে৷ সেই অনুসৰি নিশা প্ৰায় ১.৩০ বজাত কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত আলাংগীৰ ৩১ নং ৰাষ্ট্ৰীয় পথত নিয়মীয়া তহলদাৰী আৰক্ষীয়ে তালাচী চলায়৷ তালাচীৰ সময়ত ট্ৰাকখনৰ সন্মুখৰ কেবিন ভাগত  গাঞ্জাখিনি লুকাই অনা বুলি আৰক্ষীৰ সন্দেহ হয়৷ কিন্তু ঠিক তেতিয়াই লুকুৱাই থোৱা গাঞ্জাখিনি দেখুৱাৰ চলেৰে গাঞ্জা সৰবৰাহকাৰীদ্বয়ে  আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ প্ৰচেষ্টা চলোৱাত আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয়৷ ফলত গাঞ্জা সৰবৰাহকাৰীদ্বয় আহত হয় বুলি আইজিপি বিঞ্চৈয়ে সদৰী কৰিছে৷ বিটিআৰৰ আইজিপি গৰাকীয়ে আৰু কয় যে ট্ৰাকখন কাৰ্বিআংলং জিলাৰ লাহৰিজানৰ পৰা কোকৰাঝাৰ জিলাৰ একত্ৰিশ নং ৰাষ্ট্ৰীয় পথেদি শ্ৰীৰামপুৰ হৈ উত্তৰ প্ৰদেশৰ হাজিপুৰ অভিমুখে গৈ আছিল৷ উক্ত ট্ৰাকখনৰ পৰা ৮৫০ কিলোগ্ৰাম ওজনৰ পেকেটভৰ্তি  প্ৰায় ৮৫ লাখ টকা মূল্যৰ গাঞ্জাৰ টোপোলখিনি জব্দ কৰিবলৈ সক্ষম হয়৷

সংবাদমেলখনত উপস্থিত থকা কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই কোৱা মতে আৰক্ষীৰ গুলীত আহতদ্বয়ক কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিচত নিশাৰ ভাগতেই উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়৷ ইতিমধ্যে অবৈধ গাঞ্জা সৰবৰাহৰ ভয়ংকৰ বেহাৰ সৈতে জড়িত বহু লোকৰ নাম আৰক্ষীৰ হাতত আহি পাইছে যদিও তদন্তৰ স্বাৰ্থত সেই সকলৰ নাম ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে আৰক্ষী অধীক্ষক গৰাকী৷  তদুপৰি এনএল ০৭ এএ ০৪৩০ নম্বৰৰ এখন ট্ৰাকো জব্দ কৰা বুলিও আৰক্ষী বিষয়া গৰাকীয়ে জানিব দিছে৷ উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ,ত্ৰিপুৰা আৰু অৰুণাচলৰ পৰা অবৈধভাৱে সৰবৰাহ হোৱা গাঞ্জা বিটিআৰৰ ওদালগুৰি জিলাৰ পৰা ৰঙিয়ালৈ ৰে'লযোগে আৰু তাৰ পিচত ট্ৰাক,তেল কঢ়িওৱা টেংকাৰত অতি কৌশলেৰে দেশৰ আন ৰাজ্য বিশেষকৈ উত্তৰ প্ৰদেশ,বিহাৰ,ৰাজস্থান আদিলৈ গুণগত মান অনুযায়ী অধিক মূল্যত গ্ৰাহকৰ মাজত বিক্ৰী কৰা হয় আৰু মণিপুৰৰ গাঞ্জাৰ চাহিদা অধিক হোৱাৰ বাবে মূল্যও অধিক বুলি সংবাদ মেলখনত শীৰ্ষ আৰক্ষী বিষয়াদ্বয়ে জানিব দিছে৷
Published by: Kokil Sarma
First published: July 10, 2021, 3:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি