মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»অসম আৰক্ষীৰ সৰ্ববৃহৎ ড্ৰাগছ বিৰোধী অভিযান। ২২ দিনীয়া অভিযানৰ অন্তত জব্দ ৭ কোটি টকাৰ ড্ৰাগছ।

অসম আৰক্ষীৰ সৰ্ববৃহৎ ড্ৰাগছ বিৰোধী অভিযান। ২২ দিনীয়া অভিযানৰ অন্তত জব্দ ৭ কোটি টকাৰ ড্ৰাগছ।

News18 Assam | News18-Assam
Updated:June 17, 2021, 4:51 PM IST
অসম আৰক্ষীৰ সৰ্ববৃহৎ ড্ৰাগছ বিৰোধী অভিযান। ২২ দিনীয়া অভিযানৰ অন্তত জব্দ ৭ কোটি টকাৰ ড্ৰাগছ।
অভিযানত জব্দ ২ কেজি ১২৫ গ্ৰাম মাৰাত্মক হেৰ'ইন । ১৬৪টা পেকেটত ভৰাই ৰখা হৈছিল হেৰ'ইনখিনি।

অভিযানত জব্দ ২ কেজি ১২৫ গ্ৰাম মাৰাত্মক হেৰ'ইন । ১৬৪টা পেকেটত ভৰাই ৰখা হৈছিল হেৰ'ইনখিনি।

  • Share this:
ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ অভিযান । গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত জব্দ প্ৰায় ৭ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি চলা ড্ৰাগছ বিৰোধী অভিযানত এই পৰ্যন্ত জব্দ হোৱা নিচাযুক্ত দ্ৰব্যৰ ভিতৰত কাৰ্বিআমলঙতে জব্দ হৈছে এই বৃহৎ মূল্যৰ ড্ৰাগছ।

কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নেতৃত্বত চলা এই অভিযানত জব্দ হয় ২ কেজি ১২৫ গ্ৰাম মাৰাত্মক হেৰ'ইন । ১৬৪টা পেকেটত ভৰাই ৰখা হৈছিল হেৰ'ইনখিনি। ড্ৰাগছখিনৰ লগতে এগৰাকী নগা মহিলাসহ আৰক্ষীয়ে আটক কৰে দুটা নগা ড্ৰাগছ সৰবৰাহকাৰী । আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে কেভেত চাচা মভি আৰু টি এইচ পাউনি । ড্ৰাগছৰ লগতে জব্দ হয় AS-01-BY-9058 এলট' নম্বৰৰ এখন মাৰুতি এলট' বাহন ।

উল্লেখ্য যে বোকাজান মহকুমাৰ খটখটিত বিগত ২২ দিন মান  চলিছিল আৰক্ষীৰ এই বৃহৎ ড্ৰাগছ বিৰোধী অভিযান ।
Published by: Manjumoni Borah
First published: June 17, 2021, 4:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি