হোজাইত আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছবিৰোধী অভিযান। জিলাখনৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত হোজাইৰ বিভিন্ন স্থানত আৰক্ষীয়ে নিতৌ চলাই আছে ড্ৰাগছবিৰোধী অভিযান।
ইয়াৰ মাজতে আজি দুপৰীয়া এক তথ্যৰ ভিত্তিত হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিসহ ক্ৰাইম ব্ৰাঞ্চৰ দলে ডনবস্ক' স্কুলৰ সমীপত অভিযান চলাই হেৰ'ইনভৰ্তি তিনিটা চাবোনৰ বাকচ জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে শান্তিবন অঞ্চলৰ ড্ৰাগছ সৰবৰাহকাৰী দেৱজিত চক্ৰৱৰ্তীক।
সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত থকা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ লগতে জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য আনুমানিক দুই লাখ হ'ব বুলি অনুমান কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|