• Home
  • »
  • News
  • »
  • crime
  • »
  • Headless ‍Body Found: ব্ৰহ্মপুত্ৰত উলংগ যুৱতীৰ মুণ্ডহীন মৃতদেহ, ধৰ্ষণৰ পিছত নদীত পেলাই দিয়াৰ সন্দেহ

Headless ‍Body Found: ব্ৰহ্মপুত্ৰত উলংগ যুৱতীৰ মুণ্ডহীন মৃতদেহ, ধৰ্ষণৰ পিছত নদীত পেলাই দিয়াৰ সন্দেহ

জাগীৰোডৰ গাগলমাৰী বৰামাৰী পাম বালিচৰত কেনেকৈ আহিল যুৱতীৰ মৃতদেহটো, তাকে লৈ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্যই ৷

জাগীৰোডৰ গাগলমাৰী বৰামাৰী পাম বালিচৰত কেনেকৈ আহিল যুৱতীৰ মৃতদেহটো, তাকে লৈ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্যই ৷

জাগীৰোডৰ গাগলমাৰী বৰামাৰী পাম বালিচৰত কেনেকৈ আহিল যুৱতীৰ মৃতদেহটো, তাকে লৈ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্যই ৷

  • Share this:

জাগীৰোডৰ গাগলমাৰীত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা ৷ ব্ৰহ্মপুত্ৰ নৈৰ বালিচৰত উদ্ধাৰ এগাৰাকী যুৱতীৰ মৃতদেহ ৷ মুণ্ডহীন উলংগ যুৱতীৰ (Headless nude ‍Body Found) মৃতদেহটো কোনো স্কুলীয়া ছাত্ৰীৰ হ'ব পাৰে বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷ কিন্তু জাগীৰোড (Jagiroad)ৰ গাগলমাৰী বৰামাৰী পাম বালিচৰত কেনেকৈ আহিল যুৱতীৰ মৃতদেহটো, তাকে লৈ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্যই ৷


এই ঘটনা শনিবাৰৰ ৷ শনিবাৰে বিয়লি ব্ৰহ্মপুত্ৰ (Brahmaputra)ৰ বালিচৰত গা ধুবলৈ যোৱা একাংশ স্থানীয় লোকে প্ৰথমে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ উলংগ অৱস্থাত মুণ্ডহীন যুৱতীৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে স্থানীয় লোকৰ মাজত সৃষ্টি হয় হুৱাদুৱাৰ ৷ স্থানীয় লোকে এই সন্দৰ্ভত গাঁওৰক্ষী বাহিনী, গাঁওবুঢ়া আৰু আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে উলংগ অৱস্থাত থকা মুণ্ডহীন যুৱতীৰ মৃতদেহটো ( Headless ‍Body Found) ৷


এই মুহূৰ্তলৈ মৃতদেহটো চিনাক্ত হোৱা নাই যদিও কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ সন্দেহ কৰিছে সকলোৱে ৷ আনহাতে মৃতদেহটো চিনাক্ত হোৱাত অসুবিধা জন্মাবলৈ দুৰ্বৃত্তই মুণ্ড কাটি পেলাই দিয়া বুলিও সন্দেহ প্ৰকাশ কৰিছে একাংশই ৷


অৱশ্যে আৰক্ষীৰ অনুসন্ধান আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য৷ সম্প্ৰতি মৰিগাঁৱৰ তিলক-হেমৰাম-গুণাভিৰাম অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহ ৷


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি