• Home
  • »
  • News
  • »
  • crime
  • »
  • Hatigaon: অভিযোগ-প্ৰত্যাভিযোগৰ মাজত হাতীগাঁও দলবদ্ধ ধৰ্ষণকাণ্ডৰ নতুন মোৰ, আচলতে হৈছিল কি?

Hatigaon: অভিযোগ-প্ৰত্যাভিযোগৰ মাজত হাতীগাঁও দলবদ্ধ ধৰ্ষণকাণ্ডৰ নতুন মোৰ, আচলতে হৈছিল কি?

''মোক এনকাউন্টাৰ কৰক মই এজন ১৭ বছৰীয়া ল'ৰা, মই এনেকুৱা ভুল কৰা নাই।''- কিয় কৈছিল অভিযুক্তই

''মোক এনকাউন্টাৰ কৰক মই এজন ১৭ বছৰীয়া ল'ৰা, মই এনেকুৱা ভুল কৰা নাই।''- কিয় কৈছিল অভিযুক্তই

''মোক এনকাউন্টাৰ কৰক মই এজন ১৭ বছৰীয়া ল'ৰা, মই এনেকুৱা ভুল কৰা নাই।''- কিয় কৈছিল অভিযুক্তই

  • Share this:
''মোক এনকাউন্টাৰ কৰক মই এজন ১৭ বছৰীয়া ল'ৰা, মই এনেকুৱা ভুল কৰা নাই।'' বুধবাৰে হাতীগাঁও নীলকমল পথত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ অন্যতম অভিযুক্ত নাইমুদ্দিন আলীৰ ভাষ্য আছিল এয়া ৷ ইতিমধ্য সহকমী এগৰাকীৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে হাতীগাঁও আৰক্ষীয়ে (Hatigaon Police) গ্ৰেপ্তাৰ কৰিছিল নাইমুদ্দিন আলী, মুকুল ইছলাম  আশ্ৰাফুল আমিন আৰু কোম্পানীটোৰ স্বত্বাধিকাৰী ৰফিক আলীক ৷

কিন্তু শেহতীয়াকৈ এই ঘটনাই লৈছে নতুন মোৰ ৷ ভুক্তভোগী মহিলাগৰাকী কৰ্মৰত MANASTRIM TECHNOLOGY PVT LTD ৰ বাকী সহকৰ্মীসকলৰ মতে এয়া সম্পুৰ্ণ পৰিকল্পিত ঘটনা ৷ কাৰণ যদিহে সঁচাই সেইদিনা মহিলাগৰাকীৰ লগত এনে ঘটনা হৈছিল তেন্তে কিয় লগে লগে অৱগত কৰা নাছিল বাকী সহকৰ্মীসকলক ৷

তদুপৰি সেইদিনা কৰ্তব্য সম্পাদন কৰি বিয়লি কাৰ্যালয়ৰ পৰা সহকৰ্মীৰ সৈতে ওলাই গৈছিল মহিলাগৰাকী ৷ বাকী সহকৰ্মীসকলৰ অভিযোগ যে বিচৰা ধন নোপোৱাৰ বাবেই দলবদ্ধ ধৰ্ষণৰ দৰে গোচৰ তৰিলে মহিলাগৰাকীয়ে ৷ একেদৰে মহিলাগৰাকীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আটাইকেইজন অভিযুক্তৰো মন্তব্য ৫ হাজাৰ টকা নিদিয়া বাবে তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰিলে ধৰ্ষণৰ গোচৰ ৷

অভিযোগ-প্ৰত্যাভিযোগৰ মাজত এতিয়া অধিক ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ ঘটনা৷ তাৰ মাজতে মহিলাগৰাকী কৰ্মৰত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰফিক আলীক আৰক্ষীয়ে জে'ললৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন ৩জনক নিজৰ জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে ৷
Published by:Gautam Barman
First published: