ফেচবুক বন্ধু সহজ টাৰ্গেট হৈ পৰিছে অপৰাধীৰ বাবে। বিশেষকৈ মহিলাসকলে টাৰ্গেট কৰি লয় পুৰুষসকলক। জড়িত হৈ থাকে গুণ্ডা-অপহৰণকাৰীৰ বৃহৎ চক্ৰ। এনে ধৰণৰ ঘটনা আজিকালি সাধাৰণ হৈ পৰিছে। এনে এক ঘটনা সংঘটিত হৈছে হাৰিয়ানাতো।
মহিলা এগৰাকীয়ে প্ৰথমে ফেচবুকত বন্ধুত্ব কৰিছিল এজন কাপোৰৰ ব্যৱসায়ীৰ সৈতে। কিছুদিন বন্ধুত্বৰ পিছতে মহিলাগৰাকীৰ ঘৰলৈ মাতিছিল ব্যৱসায়ীজনক। মহিলাগৰাকীৰ ঘৰ পোৱাৰ পিছতেই সকলো উলট-পালট হৈ গ'ল। বন্দুক দেখুৱাই (গান পইণ্ট) মহিলাগৰাকীয়ে গোপন ভিডিঅ' বনাইছিল ব্যৱসায়ীজনৰ। তাৰ পিছতে ব্যৱসায়ীজনৰ পৰা ৫০ লাখ টকা দাবী কৰে আৰু অন্যথা ব্যৱসায়ীজনৰ ভিডিঅ'টো ভাইৰেল কৰিব বুলি ভাবুকি দিয়ে। কেৱল সেয়াই নহয় মহিলাগৰাকীয়ে ব্যৱসায়ীজনৰ সোণৰ চেইন, লকেট আৰু পাৰ্চটো কাঢ়ি লয়। আৰক্ষীয়ে ভুক্তভোগীৰ অভিযোগত অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰু বাকী সহযোগীসকলৰ সন্ধানত আছে।
ভুক্তভোগী ব্যৱসায়ীজনে কয় যে ১৬ অক্টোবৰত মহিলাগৰাকীয়ে মেছেজ কৰি কোছলীৰ জুডি ৰোডলৈ মাতিছিল। মহিলাগৰাকীৰ ঘৰটোত উপস্থিত হৈছিলহে মাত্ৰ তেওঁক ৭-৮ জন অচিনাক্ত ব্যক্তিয়ে অপহৰণ কৰি নিছিল। ব্যৱসায়ীজনক এটা ঘৰলৈ নি বন্দুক টোৱাই তেওঁৰ সকলো কাপোৰ খুলি দিয়া হৈছিল আৰু এগৰাকী মহিলাৰ সৈতে বলপূৰ্বকভাৱে এটা ভিডিঅ' কৰা হৈছিল। ব্যৱসায়ীজনৰ পৰা অপহৰণকাৰকেইজনে ৫০ লাখ টকা দাবী কৰিছিল অন্যথা ভিডিঅ'টো ভাইৰেল কৰাৰ ভাবুকি দিছিল। পিছত তেওঁক নিজৰ ঘৰৰ ওচৰতে এৰি দিছিল।
ব্যৱসায়ীজনৰ সোণৰ চেইন, লকেট আৰু পাৰ্চটো কাঢ়ি লোৱাৰ লগতে গাড়ীৰ কাগজ-পত্ৰও লৈ যায় দুৰ্বৃত্তৰ দলটোৱে। সোমবাৰে ১৫ লাখ টকা দিয়াৰ কথা আছিল যদিও ব্যৱসায়ীজনে আৰক্ষীক খবৰ দিয়াত ব্লেকমেইলাৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Published by: Manjumoni Borah
FIRST PUBLISHED : October 19, 2021, 11:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।