সান্ধ্য আইনৰ সময়ত তীৰ্থনগৰী হাজোত চোৰৰ উপদ্ৰৱ, এইবাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ চাফাই...

News18 Assam | News18-Assam
Updated:June 10, 2021, 9:48 AM IST
সান্ধ্য আইনৰ সময়ত তীৰ্থনগৰী হাজোত চোৰৰ উপদ্ৰৱ, এইবাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ চাফাই...
সান্ধ্য আইনৰ সময়চোৱাত হাজোৰ গেৰুৱা চ'কত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ দেৱাল কাটি চোৰে চলালে লুটপাত।

সান্ধ্য আইনৰ সময়চোৱাত হাজোৰ গেৰুৱা চ'কত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ দেৱাল কাটি চোৰে চলালে লুটপাত।

  • Share this:
হাজোৰ গেৰুৱাত নিশা সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা। সান্ধ্য আইনৰ সুযোগ লৈ ষ্টেচনাৰী আৰু হাৰ্ড'ৱেৰ সামগ্ৰীৰ এখন দোকানত চোৰে চলালে লুট পাট। কৃষ্ণ হাৰ্ড'ৱেৰ নামৰ দোকানখনৰ পিছফালৰ দেৱাল কাটি নগদ ধনৰ লগতে কেইবাবিধো সামগ্ৰী লুটি নিলে চোৰে।

গেৰুৱা চ'কত হাজো-গুৱাহাটী ৰাজপথৰ দাঁতিতে থকা এই ব্যৱসায়িক প্ৰতিষ্ঠানখনত সংঘটিত চুৰিকাণ্ডক লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ । নিশা সান্ধ্য আইনৰ সুযোগলৈ দেৱাল কাটি সংঘটিত কৰা এই চুৰিকাণ্ডত চোৰে বিপনীখনৰ পৰা নগদ ধনৰ লগতে বিভিন্ন ইলেকট্ৰনিক সামগ্ৰী আৰু কেইবাহাজাৰ টকাৰ অন্যান্য সামগ্ৰী লুটি লৈ যায়। দোকানৰ স্বত্বাধিকাৰীজনে ইতিমধ্যে হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । তদন্ত আৰম্ভ কৰিছে হাজো আৰক্ষীয়ে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও এই ব্যৱসায়িক প্ৰতিষ্ঠানখনত দুবাৰকৈ চুৰিকাণ্ড সংঘটিত হৈছিল।
Published by: Kokil Sarma
First published: June 10, 2021, 9:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি