তীৰ্থনগৰী হাজোত (Hajo) সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ (Kidnap) কাণ্ড। ঘৰৰ পৰা টিউচনলৈ অহাৰ পথত হাজোৰ কলিতাকুছিৰ পৰা অপহৰণ এজন ১২বছৰীয়া ছাত্ৰক।

হাজো শনিয়াদিৰ ব্যৱসায়ী হজৰত আলীৰ পুত্ৰ গোলাম ৰছুলে আনদিনাৰ দৰে ঘৰৰ পৰা টিউচনলৈ অহাৰ পথত কলিতাকুছি চকত এখন বগা ৰঙৰ চাৰিচকীয়া বাহনত চাৰি যুৱকে বলপূৰ্বক উঠাই গুৱাহাটী অভিমুখে গতি কৰে। তীব্ৰ বেগত গতি কৰা গাড়ীখন কলিতাকুছিৰ পৰা লখাইতৰা নদীৰ মথাউৰিৰে আহি হাজোৰ সুৰেণ দাস কলেজৰ ওচৰৰ এক নিৰ্জন ঠাইত গাড়ীখন ৰখোৱাত ছেগ বুজি অপহৰণকাৰীৰ কবলৰ পৰা পলাবলৈ সক্ষম হয় ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজন। শিশুটিয়ে হাজো-গুৱাহাটী পথৰ আস্থা ক্লিনিকত প্ৰৱেশ কৰি নিজৰ প্ৰাণৰক্ষা কৰে। পিছত ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ অপহৃত শিশুটিক লৈ আৰম্ভ কৰিছে তদন্ত। অতি শীঘ্ৰেই দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লগতে স্থানীয় লোকে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|