তীৰ্থনগৰীত ড্ৰাগছ মাফিয়াক লগত লৈ দুপৰ নিশা আৰক্ষীয়ে কিয় চলালে অভিযান ?

News18 Assam | News18-Assam
Updated:July 21, 2021, 9:31 AM IST
তীৰ্থনগৰীত ড্ৰাগছ মাফিয়াক লগত লৈ দুপৰ নিশা আৰক্ষীয়ে কিয় চলালে অভিযান ?
হাজোৰ দামপুৰত ড্ৰাগছ মাফিয়াক লগত লৈ দুপৰ নিশা আৰক্ষীয়ে চলালে অভিযান। হাজো আৰক্ষীৰ জালত পৰা এই কুখ্যাত ড্ৰাগছ মাফিয়াটো হৈছে  নুৰ মহম্মদ আলী ওৰফে বেঙা।

হাজোৰ দামপুৰত ড্ৰাগছ মাফিয়াক লগত লৈ দুপৰ নিশা আৰক্ষীয়ে চলালে অভিযান। হাজো আৰক্ষীৰ জালত পৰা এই কুখ্যাত ড্ৰাগছ মাফিয়াটো হৈছে  নুৰ মহম্মদ আলী ওৰফে বেঙা।

  • Share this:
সমগ্ৰ ৰাজ্যৰ লগতে তীৰ্থনগৰীটো এতিয়া তীব্ৰতৰ হৈছে ড্ৰাগছ বিৰোধী অভিযান। হাজোত এটাৰ পাছত আনটো কুখ্যাত ড্ৰাগছ মাফিয়া আটক হোৱাৰ লগতে উদ্ধাৰ হৈছে ড্ৰাগছ।

এইবাৰ হাজোৰ দামপুৰত ড্ৰাগছ মাফিয়াক লগত লৈ দুপৰ নিশা আৰক্ষীয়ে চলালে অভিযান। হাজো আৰক্ষীৰ জালত পৰা এই কুখ্যাত ড্ৰাগছ মাফিয়াটো হৈছে  নুৰ মহম্মদ আলী ওৰফে বেঙা। দীৰ্ঘদিন ধৰি আৰক্ষীৰ নিদ্ৰাহৰণ কৰি আহিছিল এই কুখ্যাত ড্ৰাগছ মাফিয়া বেঙাই। এক গোপন খবৰৰ ভিত্তিত হাজো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে হাজোৰ দামপুৰৰ এইটো কুখ্যাত ড্ৰাগছ মাফিয়া বেঙাক।আৰু আটক হোৱা বেঙাক লগত লৈ নিশাৰ ভাগত ড্ৰাগছ বিছাৰি আৰক্ষীয়ে দামপুৰৰ ঘৰত অভিযান চলায়। এই অভিযানকালত আৰক্ষীয়ে বাৰীৰ পাছফালে পাছফালে পুতি থোৱা অৱস্থাত কিছু পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়। নুৰ ইছলাম ওৰফে বেঙাই দীৰ্ঘদিন ধৰি‌ আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ ৰমৰমীয়া ব্যয়সায় চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
Published by: Kokil Sarma
First published: July 21, 2021, 9:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি