ড্ৰাগছ মাফিয়াৰ পিছত পিছত এইবাৰ বেংকৰ পৰা লাখ লাখ টকা হৰলুকি কৰি হাজো আৰক্ষীৰ জালত পৰিছে Most Wanted Cyber Hacker মীৰ আলম চাহিদ।
ড্ৰাগছ মাফিয়াৰ পিছত পিছত এইবাৰ বেংকৰ পৰা লাখ লাখ টকা হৰলুকি কৰি হাজো আৰক্ষীৰ জালত পৰিছে Most Wanted Cyber Hacker মীৰ আলম চাহিদ।
ড্ৰাগছ মাফিয়াৰ পিছত পিছত এইবাৰ বেংকৰ পৰা লাখ লাখ টকা হৰলুকি কৰি হাজো আৰক্ষীৰ জালত পৰিছে Most Wanted Cyber Hacker মীৰ আলম চাহিদ। হাজোৰ দামপুৰৰ নিজ গৃহৰ পৰাই হাজো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এইজন কুখ্যাত মীৰ আলম চাহিদক।
২০২০ চনৰ জুলাই মাহত কামৰূপ জিলাৰ দদৰা SBI শাখাৰ বলেন ৰাজবংশী নামৰ এগৰাকী গ্ৰাহকৰ বেংক একাউন্টৰ পৰা ১১ লাখকৈ টকা অনলাইনযোগে বিভিন্ন শ্বপিং ৱেবচাইটৰ মাধ্যমেৰে হৰলুকি কৰিছিল এইটো মীৰ আলম চাহিদে। আনকি ছমাহ পূৰ্বেও মীৰ আলমক মধ্য প্ৰদেশ আৰক্ষীয়ে আন এটা ছাইবাৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। তাৰ পাছতে আজি পুনৰ হাজো আৰক্ষীয়ে বলেন ৰাজবংশী নামৰ লোকজনৰ এজাহাৰৰ ভিত্তিত মীৰ আলম চাহিদক আটক কৰি আৰু অধিক তথ্য সন্দৰ্ভত অব্যাহত ৰাখিছে জেৰা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|