Drugs: লতাশিল থানাৰ SI বিশ্বজিৎ ৰাভাৰ নেতৃত্বত চলা এই অভিযানত জব্দ হৈছে ১৬ গ্ৰাম হেৰ'ইনৰ লগতে ১ লাখ ৪০ হাজাৰ টকা নগদ ধন আৰু কিছু নিচাজাতীয় টেবলেট।
Drugs: লতাশিল থানাৰ SI বিশ্বজিৎ ৰাভাৰ নেতৃত্বত চলা এই অভিযানত জব্দ হৈছে ১৬ গ্ৰাম হেৰ'ইনৰ লগতে ১ লাখ ৪০ হাজাৰ টকা নগদ ধন আৰু কিছু নিচাজাতীয় টেবলেট।
হাজোৰ দলৈটোলাত লতাশিল আৰক্ষীৰ বৃহৎ অভিযান। দলৈটোলাৰ হামিদা বিবি নামৰ এগৰাকী মহিলা ঘৰত চলিল ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান।
লতাশিল থানাৰ SI বিশ্বজিৎ ৰাভাৰ নেতৃত্বত চলা এই অভিযানত জব্দ হৈছে ১৬ গ্ৰাম হেৰ'ইনৰ লগতে ১ লাখ ৪০ হাজাৰ টকা নগদ ধন আৰু কিছু নিচাজাতীয় টেবলেট। লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ ব্যৱসায়ী হামিদা বিবিক। উল্লেখ্য যে, বুধবাৰে লতাশিল আৰক্ষীয়ে বাবুল চৌধুৰী নামৰ এজন যুৱকক আটক কৰিছিল। এই যুৱক জনৰ ভাষ্যৰ ভিত্তিতেই লতাশিল আৰক্ষীয়ে হাজো আৰক্ষীৰ সহযোগত আজি হাজোৰ দলৈটোলাত ড্ৰাগছৰ বিৰুদ্ধে চলালে এই অভিযান।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|