হাইলাকান্দি আৰক্ষীৰ বৃহৎ সাফল্য । লালা আৰক্ষীৰ অভিযানত উদ্ধাৰ ১০ খন চুৰি হোৱা বাইক । যোৱা ২ দিন ধৰি লালা বজাৰ আৰু তাৰ পাৰ্শ্বৱৰ্তী এলেকাত অভিযান চলাই এই বৃহৎ সংখ্যক চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । লগতে গ্ৰেপ্তাৰ কৰে ৬ গৰাকী কুখ্যাত বাইক চোৰক ।
কেইদিনমান পূৰ্বে হাইলাকান্দি জিলাৰ আয়নাখাল এলেকাৰ পৰা এখন বাইক চুৰি হৈছিল। এই বাইক চুৰিৰ ঘটনাৰ সূত্ৰৰ পম খেদি মঙ্গলবাৰ পৰা বুধবাৰৰ নিশালৈকে লালা আৰক্ষীয়ে লালা বজাৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী বিভিন্ন স্থানত অভিযান চলাই মুঠ ১০খন চুৰি বাইক উদ্ধাৰ কৰে ৷ এই চুৰি বাইকসমূহ হাইলাকান্দি জিলা সদৰসহ বৰাক উপত্যকাৰ বিভিন্ন স্থানৰ পৰা চুৰি কৰা হৈছিল । এই বাইক চুৰি চক্ৰৰ লগতে জড়িত ৬ গৰাকী দুৰ্ধৰ্ষ বাইক চোৰক আটক কৰিবলৈও সক্ষম হয় আৰক্ষী । ইয়াৰ মাজত আছে কুখ্যাত বাইক চোৰ খালিক উদ্দিন লস্কৰ, আব্দুল কালাম লস্কৰ, ছাহাৰুল ইচলাম লস্কৰ সহ আন তিনি গৰাকী ।
এই বাইক চুৰি চক্ৰটো গোটেই বৰাক উপত্যকাত বিস্তৃত আছে বুলি জনায় লালা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আলংবাৰ বসুমতাৰীয়ে । লগতে চুৰি বাইকসমূহত যি নম্বৰ প্লেট লগোৱা আছে সকলোবোৰ নম্বৰেই ভুৱা বুলিও উল্লেখ কৰে লালা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে । লালা এলেকাৰ পৰা আন বহু চুৰি বাইক উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে লালা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আলংবাৰ বসুমতাৰীয়ে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|