মাত্ৰ ৫ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক। বুধবাৰে হাইলকান্দি সদৰ থানাৰ পৰা উপ-পৰিদৰ্শকজনক গ্ৰেপ্তাৰ কৰে ভিজিলেন্স এণ্ড এণ্টিকৰাপশ্যন বিভাগে । হাতে-লোটে আটক হোৱা উপ-পৰিদৰ্শকজনৰ নাম সুধন্য ভট্টাচাৰ্য।

পৰিয়াল প্ৰতিপালনৰ বাবে যথেষ্ট ন'হয় দৰমহাৰ টকা । সদায় ক'লা ধন বিচাৰি ফুৰে খাকী পোছাকত ক'লা দাগ লগোৱা একাংশ আৰক্ষী বিষয়াই । এনেই এজন আৰক্ষী বিষয়া আজি গ্ৰেপ্তাৰ হ'ল হাইলাকান্দিত । থানাতে বহি উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষী উপ-পৰিদৰ্শক সুধন্য ভট্টাচাৰ্যক ।
মাত্ৰ ৫ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক। বুধবাৰে হাইলকান্দি সদৰ থানাৰ পৰা উপ-পৰিদৰ্শকজনক গ্ৰেপ্তাৰ কৰে ভিজিলেন্স এণ্ড এণ্টিকৰাপশ্যন বিভাগে । হাতে-লোটে আটক হোৱা উপ-পৰিদৰ্শকজনৰ নাম সুধন্য ভট্টাচাৰ্য। হাইলাকান্দি সদৰ থানাত নিয়োজিত হৈ আছিল উপ-পৰিদৰ্শকজন। উল্লেখ, এটা জমি সংক্ৰান্ত গোচৰ নিষ্পত্তিৰ বাবে উপ-পৰিদৰ্শক জনে দাবী কৰিছিল ৫ হাজাৰ টকা আৰু বুধবাৰে টকাখিনি লোৱাৰ সময়তে দুৰ্নীতি নিবাৰণ শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে বিষয়াজনক । গ্ৰেপ্তাৰৰ পিছতে বিষয়া গৰাকীক গুৱাহাটীলৈ লৈ আহে ভিজিলেন্স এণ্ড এণ্টিকৰাপশ্যন বিভাগে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|