হাইলাকান্দিত লোমহৰ্ষক হত্যাকাণ্ড । লোহাৰ ৰডেৰে মৰিয়াই মৰিয়াই হত্যা এজন ব্যক্তিক । পাৰিবাৰিক কাজিয়াৰ বাবে খুড়াকৰ লৰাই নজৰুল আলম বড়ভূঞা ( Nazrul Alom Barbhuiya ) নামৰ লোকজনক হত্যা কৰাৰ অভিযোগ । হাইলাকান্দি জিলাৰ বন্দুকমাৰা এলেকাত সংঘটিত হৈছে এই ঘটনা ।
সুদৰ্শনপুৰ গাঁৱৰ নজৰুল আলম বড়ভূঞা স্থানীয় এটা জলাশয়ৰ পৰা মাছ মাৰি নিজ ঘৰৰ পথে উভতি আহি আছিল । ঠিক সেই সময় নিৰ্জন পথত নজৰুল আলমৰ ওপৰত জপিয়াই পৰে হত্য়াকাৰী । লোহাৰ ৰডেৰে চলোৱা এই আক্ৰমণত নজৰুল আলমৰ মূৰ আৰু ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । তেওঁক হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক হাস্পতালত লৈ যোৱা হয় যদিও চিকিৎসকে নজৰুল আলমক মৃত বুলি ঘোষণা কৰে ।
ইপিনে, দীৰ্ঘদিনৰ পৰা দুই পৰিয়ালৰ মাজতে চলি থকা কাজিয়াৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে মৃত নজৰুল আলম বড়ভূঞাৰ পৰিয়ালৰ লোকে। হত্যাকাণ্ডৰ পিছৰ পৰাই পলাতক অভিযুক্ত আব্দুল্লা বড়ভূঞা । বৰ্তমানে হাইলাকান্দি আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত কৰিছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|