• Home
  • »
  • News
  • »
  • crime
  • »
  • NSCNৰ নামত ধনদাবী কৰি হাইলাকান্দিত গ্ৰেপ্তাৰ যুবক ! ব্যৱসায়ীক ফোনযোগে দাবী কৰিছিল ৫০ লাখ টকা ...

NSCNৰ নামত ধনদাবী কৰি হাইলাকান্দিত গ্ৰেপ্তাৰ যুবক ! ব্যৱসায়ীক ফোনযোগে দাবী কৰিছিল ৫০ লাখ টকা ...

NSCNৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে এজন যুৱক । হাইলাকান্দি আৰক্ষীয়ে এক অভিযান চলাই মিজোৰামৰ ভৈৰবীৰ পৰা গ্ৰেপ্তাৰ কৰিছে শান্তনু দাস নামৰ যুৱকজনক।

  • Share this:
নেচনেল ছোচিয়েলিষ্ট কাউন্চিল অফ ন‍াগালেন্ড অৰ্থাৎ NSCNৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে এজন যুৱক । হাইলাকান্দি আৰক্ষীয়ে এক অভিযান চলাই মিজোৰামৰ ভৈৰবীৰ পৰা গ্ৰেপ্তাৰ কৰিছে শান্তনু দাস নামৰ যুৱকজনক।

ধৃত শান্তনু দাসৰ ঘৰ হাইলাকান্দি জিলাৰ ঘাৰমুৰা অঞ্চলত। কিছু দিন পূৰ্বে ছাহাৰুল ইছলাম লস্কৰ নামৰ স্থানীয় এগৰাকী ব্যৱসায়ীক ফোনযোগে ৫০ লাখ টক‍া দিয়াৰ দাবী জনাইছিল । লগতে নিজক এনএচচিএন'ৰ সদস্য বুলিও পৰিচয় দিছিল । এই ফোন কলৰ সূত্ৰ ধৰি হাইলাকান্দিৰ উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে যুৱক জনক । বৰ্তমানে হাইলাকান্দি সদৰ থান‍াত আটক কৰি যুৱকজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি