• Home
  • »
  • News
  • »
  • crime
  • »
  • হাইলাকান্দিত গ্ৰেপ্তাৰ গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড ! চুৰি বলেৰ' গাড়ীসহ জালত পৰিল চৰকাৰী কৰ্মচাৰী ...

হাইলাকান্দিত গ্ৰেপ্তাৰ গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড ! চুৰি বলেৰ' গাড়ীসহ জালত পৰিল চৰকাৰী কৰ্মচাৰী ...

গাড়ী চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত হাইলাকান্দিত গ্ৰেপ্তাৰ হৈছে এগৰাকী চৰকাৰী কৰ্মচাৰী । যোৱা নিশা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুছতাক আহমদ মজুমদাৰক।

গাড়ী চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত হাইলাকান্দিত গ্ৰেপ্তাৰ হৈছে এগৰাকী চৰকাৰী কৰ্মচাৰী । যোৱা নিশা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুছতাক আহমদ মজুমদাৰক।

গাড়ী চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত হাইলাকান্দিত গ্ৰেপ্তাৰ হৈছে এগৰাকী চৰকাৰী কৰ্মচাৰী । যোৱা নিশা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুছতাক আহমদ মজুমদাৰক।

  • Share this:
গাড়ী চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত হাইলাকান্দিত গ্ৰেপ্তাৰ হৈছে এগৰাকী চৰকাৰী কৰ্মচাৰী । যোৱা নিশা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুছতাক আহমদ মজুমদাৰ নামৰ এইগৰাকী চৰকাৰী কৰ্মীক । লগত উদ্ধাৰ হৈছে হোজাইৰ পৰা চুৰি হোৱা এখন বলেৰ' গাড়ী। ধৃত মুছতাক হাইলাকান্দি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কৰ্মী ।

ব্যাঙ্ক জালিয়াতি কৰি বেলেগৰ নামত গাড়ী ক্ৰয় কৰি এই গাড়ী অন্য ঠাইত বিক্ৰী কৰি আৰু তাৰ পৰা আকৌ চুৰি কৰি আনি বহি:ৰাজ্যলৈ পঠিওৱা । এনে এক বৃহৎ কেলেংকাৰী আজি ফাদিল হ'ল হাইলাকান্দিত । আৰু এই সকলো কেলেংকাৰীৰ লগতে জড়িত এজন চৰকাৰী কৰ্মী ।

আজিৰে পৰা প্ৰায় ৯ মাহ আগতে বোৱালিপাৰ গাঁৱৰ বাসিন্দা দিলোৱাৰ হুচেইন বড়ভূঞাক ব্যঙ্ক ফাইনেঞ্চত এখন বলেৰ' গাড়ী ক্ৰয় কৰাৰ প্ৰলোভন দেখুৱাই সকলো নথিপত্ৰ সংগ্ৰহ কৰিছিলে মুছতাক আহমদ মজুমদাৰ, মিন্নতোল্লা বড়ভূঞা আৰু মুন লস্কৰ নামৰ তিনি গৰাকী ব্যক্তিয়ে । পিছতে তেওঁৰ লোন ব্যাঙ্ক কতৃপক্ষই নাকচ কৰি দিছে বুলি অবগত কৰাইছিল এই তিনি দালালে । কিন্তু মাত্ৰ এমাহ পিছতেই বেংকৰ পৰা দিলোৱাৰ হুচেইনৰ ঘৰতে কিস্তিৰ ( bank installment ) জাননী অহাত সকলো পোহৰলৈ আহে । পিছতে তেওঁ হাইলাকান্দি সদৰ থানাত এই সন্দৰ্ভত এটা গোচৰ ৰজু কৰে ।

ইপিনে, এই চক্ৰটোৱে দিলোৱাৰ হুচেইনৰ নামত প্ৰথমে গুৱাহাটীৰ পৰা বলেৰো গাড়ী খন ক্ৰয় কৰে আৰু তাৰ পিছতে হোজাই জিলাত বিক্ৰী কৰে । আৰু কেইদিনমান আগতে হোজাইৰ পৰা আকৌ এই গাড়ীখন চুৰি কৰি হাইলাকান্দি লৈ আহে । উদ্দেশ্য আছিলে আকৌ অধিক মূল্যত প্ৰতিৱেশী ৰাজ্য মনিপুৰত বিক্ৰী । কিন্তু ইয়াৰ মাজেৰে যোৱা নিশা হাইলাকান্দি জিলাৰ বন্দুকমাৰা আৰক্ষী চকীৰ আৰক্ষীয়ে গাড়ী সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মুছতাক আহমদক ।

তাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধপোছ চলোৱাৰ পিছতেই পোহৰলৈ আহে এই সকলো তথ্য । ধৃত মুছতাক আহমদ ওৰফে জনি হাইলাকান্দি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানতৰ কৰ্মী । ইয়াৰ আগতেও এই চক্ৰটোৱে এনেকুৱা বহু ঘটনা কৰিছে বুলিও তথ্য লাভ কৰিছে আৰক্ষীয়ে ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি