হেকাৰৰ হাতোৰাত পৰি সৰ্বস্বান্ত হ'ল ৰঙিয়াৰ ৬ নং ৱাৰ্ডৰ অৱসৰপ্ৰাপ্ত BSNL কৰ্মচাৰী ললিত কুমাৰ চক্ৰৱৰ্তী। চক্ৰৱৰ্তীৰ ভাৰতীয় ষ্টেট বেংক (SBI)ৰ একাউণ্ট হেক কৰি দুদিনৰ ভিতৰত হেকাৰে লুটি নিলে প্ৰায় ২৪ লাখ টকা ।
BSNLৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ললিত কুমাৰ চক্ৰৱৰ্তীয়ে সমস্ত জীৱনৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধনবোৰ দুই পুত্ৰক সংস্থাপন মুকলি কৰি দিবৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত জমা কৰি ৰাখিছিল । কিন্তু দুটা দিনৰ ভিতৰতে বৃহৎ পৰিমাণৰ টকা হৰলুকী হোৱাত ৰঙিয়াত চাঞ্চল্যই বিৰাজ কৰিছে। অসহায় হৈ পৰিছে ললিত কুমাৰ চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়াল ।
ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত সাঁচি ৰখা 10958196919 নম্বৰৰ একাউণ্টৰ পৰা ৩১টা লেনদেন (transaction) কৰি লুটি নিলে ২৪ লাখ টকা। বেংকৰ লগত লিংক থকা মোবাইলৰ ছিমখনত ফোন কৰি প্ৰায় ৪০টাতকৈও অধিক বাৰ OTP লৈছিল । কোভিডৰ বাবে বেংকৰ কৰ্মচাৰীয়ে ফোন কৰি ব্লক হোৱা একাউণ্টবোৰ খুলি দিয়াৰ চলেৰে OTP বিচাৰিছিল গ্ৰাহকগৰাকীৰ পৰা । সোমবাৰে টকা উলিয়াবলৈ গৈ হতবাক BSNLৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ললিত কুমাৰ চক্ৰৱৰ্তী আৰু তেওঁৰ পত্নী । কান্দি কান্দি হাহাকাৰ কৰিছে পৰিয়ালটোৱে ।
বেংক কৰ্তৃপক্ষ আৰু ৰঙিয়া আৰক্ষীক ভুক্তভোগী গ্ৰাহকজনে দিছে অভিযোগ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|