উন্নতমানৰ ভিডিঅ' কোৱালিটি হেকিং কৰাৰ লগতে গ্ৰাহকৰ পৰা ২৫ টকা মূল্যৰ বিনিময়ত চলাইছিল এপ
উন্নতমানৰ ভিডিঅ' কোৱালিটি হেকিং কৰাৰ লগতে গ্ৰাহকৰ পৰা ২৫ টকা মূল্যৰ বিনিময়ত চলাইছিল এপ
ষ্টাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড আৰু পাকিস্তানী চেনেলকে ধৰি একাধিক মনোৰঞ্জন আৰু প্ৰখ্যাত কোম্পানীৰ নিউজ চেনেল হেক কৰাৰ অভিযোগত আৰক্ষীয়ে আলিপুৰদুৱাৰ জিলাৰ বাৰোবিছা আউটপ'ষ্টৰ পৰা সুধীৰ সূত্ৰধৰ নামৰ এজন যুৱকক আটক কৰিছে। আটকাধীন যুৱকজনে আন্তৰ্জাতিক একাধিক চেনেল হেক কৰাৰ কথা জানিব পৰা গৈছে। যুৱকজনৰ ঘৰ জিলাখনৰ চেলটেক্স অঞ্চলত।
ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। ষ্টাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ এজন বিষয়াই দাবী কৰিছে যে প্ৰায় দুমাহ ধৰি ষ্টাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ একাধিক চেনেল কোনোবা এজনে হেকিং কৰাৰ সন্দেহ কৰি এই বিষয়ে তদন্ত চলোৱাৰ পিছত এটা বেআইনীভাৱে এপ তৈয়াৰ কৰি ষ্টাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, পাকিস্তান আৰু কিছু প্ৰখ্যাত কোম্পানীৰ নিউজ চেনেল হেক কৰে (Hacker arrested in Alipurduar)।
উন্নতমানৰ ভিডিঅ' কোৱালিটি হেকিং কৰাৰ লগতে গ্ৰাহকৰ পৰা ২৫ টকা মূল্যৰ বিনিময়ত অবৈধভাৱে এপটো চলাই আছিল অসম বংগ সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা এজন যুৱকে। ফলত কোম্পানীকেইটা বিত্তীয় লোকচানৰ সন্মুখীন হয়।
আলিপুৰদুৱাৰ জিলা আৰক্ষী অধীক্ষকে সাংবাদিকক কয় যে ষ্টাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে নিশা বাৰোবিছা অঞ্চলৰ পৰা সুধীৰ সূত্ৰধৰ নামৰ ২০ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে। অবৈধভাৱে বিভিন্ন চেনেল হেক কৰাৰ বাবে আইপিচিৰ একাধিক ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|