உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • গুৱাহাটীতে নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ আন্তৰাষ্ট্ৰীয় ঘাটি, ভাৰাঘৰৰ পৰাই চলিছে কোটিটকীয়া বেহা

    গুৱাহাটীতে নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ আন্তৰাষ্ট্ৰীয় ঘাটি, ভাৰাঘৰৰ পৰাই চলিছে কোটিটকীয়া বেহা

    পশ্চিম বংগৰ পৰা সামগ্ৰী সৰবৰাহ কৰি গুৱাহাটীত মজুত কৰা হয় তাৰ পিছত ম্যানমাৰ, বাংলাদেশলৈ সৰবৰাহ কৰা হয় কফচিৰাপ ।

    পশ্চিম বংগৰ পৰা সামগ্ৰী সৰবৰাহ কৰি গুৱাহাটীত মজুত কৰা হয় তাৰ পিছত ম্যানমাৰ, বাংলাদেশলৈ সৰবৰাহ কৰা হয় কফচিৰাপ ।

    পশ্চিম বংগৰ পৰা সামগ্ৰী সৰবৰাহ কৰি গুৱাহাটীত মজুত কৰা হয় তাৰ পিছত ম্যানমাৰ, বাংলাদেশলৈ সৰবৰাহ কৰা হয় কফচিৰাপ ।

    • Share this:
    অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক সফলতা। মহানগৰীত অভিলেখ সংখ্যক নিষিদ্ধ নিচাযুক্ত সামগ্ৰী জব্দ কৰিলে আৰক্ষীয়ে। পশ্চিম বৰাগাঁওৰ নিজৰাপাৰৰ পৰা বৃহত পৰিমাণৰ ফেঞ্চীডাইল জব্দ জব্দ কৰে মহানগৰ আৰক্ষীয়ে। ঘৰ ভাৰাত লৈ মজুত কৰি ৰাখিছিল নিচাজাতীয়  সামগ্ৰীখিনি। আন্তৰাষ্ট্ৰীয় বজাৰলৈও ইয়াৰ পৰা মেলি দিছিল  নিচাযুক্ত সামগ্ৰী। আন্তৰাষ্ট্ৰীয় সৰবৰাহত জৰিত  চক্ৰটোৰ দুই মুল অভিযুক্ত ।

    ক্ৰাইম ব্ৰাঞ্চ আৰু গড়চুক  আৰক্ষীয়ে গোপন খবৰৰ পম খেদি যুটীয়াভাবে অভিযান চলাইছিল। অভিযানত জব্দ কৰে ১০১ বস্তা নিষিদ্ধ ফেঞ্চি ডাইল কফ চিৰাপৰ বটল।বৰাগাঁৱৰ নিজৰাপাৰত কাৰ্টনে কাৰ্টনে মজুত কৰি ৰাখিছিল  নিচাযুক্ত দ্ৰব্যখিনি। ৩০ হাজাৰ টা ফেঞ্চিডাইল কফচিৰাফৰ বটল জব্দ কৰে আৰক্ষীয়ে যাৰ আন্তৰাষ্ট্ৰয়ী  বজাৰ মুল্য ১২ কোটী টকা ।

    সৰবৰাহৰ লগত জৰিত তিনি জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰা হৈছে সৰবৰাহকাৰী হাফিজুৰ ৰহমান, মজিবুৰ ৰহমান। দুয়োৰে ঘৰ মুকালমুৱা লাৰকুছিত বুলি জানিব পৰা গৈছে। দুয়োজনে আন্তৰাষ্ট্ৰীয় সৰবৰাহত জৰিত বুলি প্ৰকাশ কৰে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই।

    আনহাতে গ্ৰেপ্তাৰ কৰা আন এজনৰ নাম মৃদুল মালাকাৰৰ পশ্চিম বৰগাঁওত ঘৰ। পশ্চিম বংগৰ পৰা সামগ্ৰী সৰবৰাহ কৰি গুৱাহাটীত মজুত কৰা হয় তাৰ পিছত ম্যানমাৰ, বাংলাদেশলৈ সৰবৰাহ কৰা হয় কফচিৰাপ । কন্তু এইবাৰ ব্যাৰ্থ হল পৰিকল্পনা। আৰক্ষীয়ে গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে চলাই আছে জেৰা।
    Published by:Manjumoni Borah
    First published: