Paltanbazar Dacoity: ২৪ ঘণ্টাৰ পিছতো এজনো অভিযুক্ত পৰা নাই জালত ৷ তদন্ততে সীমাবদ্ধ মহানগৰ আৰক্ষীৰ অভিযান।
Paltanbazar Dacoity: ২৪ ঘণ্টাৰ পিছতো এজনো অভিযুক্ত পৰা নাই জালত ৷ তদন্ততে সীমাবদ্ধ মহানগৰ আৰক্ষীৰ অভিযান।
চাঞ্চল্যকৰ পল্টনবজাৰৰ ডকাইতি (Paltanbazar Dacoity) কাণ্ডই এটা দিন পাৰ কৰিলে ৷ কিন্তু বিগত ২৪ ঘণ্টাত ঘটনাত জড়িত এজনো অভিযুক্তক কৰায়ত্ত কৰিব পৰা নাই মহানগৰ আৰক্ষী (Guwahati Police)য়ে ৷ ৫টা ডকাইতে গৌতম চাজেৰ ঘৰৰ পৰা লুটিছিল ২০ লাখ টকাৰ সোণৰ গহণা (Gold Jewelry)। লগতে পত্নী আৰু সন্তানক মৃত্যুৰ ভয় দেখুৱাই লুটিলে ১১ লাখ টকাৰ নগদ ধন ৷
পাঁচটা ডকাইত এপাৰ্টমেণ্টত প্ৰৱেশ কৰা সকলো দৃশ্য বন্দী হৈছিল CCTVত ৷ পাঁচ দুৰ্বৃত্তৰ মুখ, চেহেৰা সকলো স্পষ্ট হোৱাৰ পাছতো কিন্তু আৰক্ষীয়ে জালত পেলাব পৰা নাই এজনো অভিযুক্তক ৷ দিনকদিনে বৃদ্ধি পোৱা অপৰাধ নিয়ন্ত্ৰণত চুডান্ত ভাৱে ব্যৰ্থ হৈছে মহানগৰ আৰক্ষী ৷ যাৰ ফলত বাঢ়ি গৈছে চুৰি, ডকাইতি হত্যা ধৰ্ষণকে ধৰি অপৰাধ (Crime in Guwahati)জনিত ঘটনা ৷ স্মাৰ্ট মহানগৰ আৰক্ষীৰ এনে চুড়ান্ত বিফলতাই এতিয়া শংকিত হৈছে মহানগৰবাসী ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|