সমগ্ৰ ৰাজ্যৰ লগতে গপৱাহাটীতো অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। পিছে আজি মহানগৰীৰ গড়চুক থানাৰ আৰক্ষীক নাকত ধৰি চাকত ঘুৰালে এটা ড্ৰাগছ পেডলাৰে। ইয়াৰ উদ্দিন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীয়ে প্ৰচণ্ড ৰ'দত ঘূৰাই লৈ ফুৰালে গড়চুক আৰক্ষীক।
ইয়াৰ উদ্দিনক লগত লৈ শনিবাৰে দুপৰীয়া ড্ৰাগছৰ সন্ধান আৰম্ভ কৰিছিল গড়চুক আৰক্ষীয়ে। পিছে গ্ৰাগছ বিচৰাৰ নামত দুপৰীয়াৰ পৰা সন্ধিয়াৰ ভাগলৈ ঘূৰাই ঘূৰাই অৱশেষত আৰক্ষীক দেখুৱালে ড্ৰাগছ লুকুৱাই থোৱা স্থান।
গড়চুক আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ কৰিছিল ইয়াৰ উদ্দিনক। ইয়াৰ উদ্দিনে দীৰ্ঘ দিনে কৰি আহিছিল নিষিদ্ধ ড্ৰাগছৰ বেহা। ছয়গাঁৱৰ লোকজনে কটাহবাৰীত ভাড়াঘৰৰ পৰা চলাইছিল ড্ৰাগছৰ বেহা। ইয়াৰ উদ্দিনৰ নিজ ককায়েক ছাইদুলো ড্ৰাগছ ব্যবস্যায়ৰ লগত জৰিত। ছাইদুলক পুৰ্বে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে ইয়াৰ উদ্দিনৰ পৰা ২১টা কন্টেইনাৰ ১পেকেট ড্ৰাগছ জব্দ কৰে যাৰ বজাৰ মুল্য কেইবা লক্ষাধিক টকা হ'ব। ইতিমধ্যে ইয়াৰ উদ্দিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|