ফাঁচীবজাৰ আৰক্ষীৰ অভিযানত কুমাৰপাৰাত উদ্ধাৰ চুৰি স্কুটী; দুজনক গ্ৰেপ্তাৰ
ফাঁচীবজাৰ আৰক্ষীৰ অভিযানত কুমাৰপাৰাত উদ্ধাৰ চুৰি স্কুটী; দুজনক গ্ৰেপ্তাৰ
বুধবাৰে গুৱাহাটী মহানগৰীৰ কুমাৰপাৰাত উদ্ধাৰ হয় এখন চুৰি দুচকীয়া বাহন। জানিব পৰা মতে, ফাঁচীবজাৰ আৰক্ষী চকীৰ এটা দলে কুমাৰপাৰা অঞ্চলত অভিযান চলাই উদ্ধাৰ কৰে AS-01-DS-7419 নম্বৰৰ এখন ক'লা এক্টিভা বাহন। সম্পূৰ্ণ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ফাঁচীবজাৰ আৰক্ষীয়ে চলোৱা এই অভিযানত চুৰি এক্টিভাখনৰ সৈতে এজন ব্যক্তিক আটক কৰে।আটকাধীন ব্যক্তিজনৰ নাম মোবাৰক আলী আৰু তেওঁৰ ঘৰ কুমাৰপাৰাৰ এফ.এ. ৰোডত।
উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহত চুৰি হৈছিল এইখন ক'লা ৰঙৰ এক্টিভাখন। এই সংক্ৰান্তত পাণবজাৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪১১/৪২০/৩৪ নং ধাৰাৰ অধীনত ৩৪১/২০২১ নম্বৰৰ এক গোচৰ ৰুজুও হৈ আছিল। আনহাতে, আটকাধীন মোবাৰক আলীয়ে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁ মাছখোৱা মছজিদৰ কাষৰ ইমৰান ইছমাইল শ্বেইখ নামৰ এজন ব্যক্তিৰ পৰা ১৫ হাজাৰ টকা মূল্যৰ বিনিময়ত এই ক'লা ৰঙৰ এক্টিভাখন ক্ৰয় কৰিছিল।
মোবাৰকৰ এই স্বীকাৰোক্তিৰ পাছতেই আৰক্ষীৰ দলটোৱে অভিযান চলাই আঠগাঁও অঞ্চলৰ পৰা বাহনখন বিক্ৰী কৰা ইমৰান ইছমাইল শ্বেইখকো গ্ৰেপ্তাৰ কৰে। দুয়োৰে বিৰুদ্ধে পাণবজাৰ থানাত ৰুজু হৈ থকা গোচৰটোৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আৰক্ষীয়ে ইতিমধ্যে দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|