• Home
  • »
  • News
  • »
  • crime
  • »
  • Encounter: পল্টনবজাৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড নিহত, মহানগৰ আৰক্ষীৰ অভিয়ানত গ্ৰেপ্তাৰ আন চাৰিজন

Encounter: পল্টনবজাৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড নিহত, মহানগৰ আৰক্ষীৰ অভিয়ানত গ্ৰেপ্তাৰ আন চাৰিজন

Encounter:   ৪ এপ্ৰিলত দিনৰ ১২ বাজি ১০ মিনিটত এপাৰ্টমেণ্টটোৰ চতুৰ্থ মহলাৰ গৌতম চাজে নামৰ ব্যৱসায়ীগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি মাতৃ, পত্নী আৰু সন্তানক পণবন্দী কৰি লুট-পাত চলাইছিল ৫ডকাইতে ৷

  • Share this:
সম্পুৰ্ণ এটা সপ্তাহৰ মূৰত গুৱাহাটীৰ পল্টনবজাৰ (Paltanbazar)ৰ কিৰণশ্ৰী ৰেছিডেন্সী নামৰ এপাৰ্টমেণ্টটোত সংঘটিত ডকাইতি (Dacoity) কাণ্ডত সফলতা লাভ কৰিলে মহানগৰ আৰক্ষীয়ে ৷ ৪ এপ্ৰিলত দিনৰ ১২ বাজি ১০ মিনিটত এপাৰ্টমেণ্টটোৰ চতুৰ্থ মহলাৰ গৌতম চাজে নামৰ ব্যৱসায়ীগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি মাতৃ, পত্নী আৰু সন্তানক পণবন্দী কৰি লুট-পাত চলাইছিল ৫ডকাইতে ৷ লুটি নিছিল নগদ ধন, আ-অলংকাৰসহ এটা মোবাইল ফোন ৷ দিন দুপৰতে সংঘটিত এই ডকাইতি কাণ্ডই তোলপাৰ লগাইছিল মহানগৰ আৰক্ষীৰ শীৰ্ষ মহলত ৷ প্ৰশ্ন উঠিছিল মহানগৰবাসীৰ নিৰাপত্তাক লৈ ৷

কিন্ত অৱশেষত সোমবাৰে টাইজুদ্দিন আহমেদ নামৰ মাষ্টাৰ মাইণ্ডটোক গুৱাহাটী (Guwahati)ৰ পৰা গ্ৰেপ্তাৰ কৰা লগতে মানকাচৰৰ পৰা গ্ৰেপ্তাৰ কৰে আন চাৰি সহযোগী ক্ৰমে মনোৱাৰ হুছেইন, মহিবুল হক, নাছিৰ উদ্দিন আৰু ছিদ্দিকক ৷ উদ্ধাৰ কৰা হয় নগদ ৬০ হাজাৰ টকা আৰু আ-অলংকাৰ ৷

ইপিনে মঙলবাৰে নিশা মূল অভিযুক্ত টাইজুদ্দিন আহমেদক লগতে লৈ ছিপাঝাৰত অভিযান চলাব যোৱাৰ সময়তে টাইজুদ্দিন পলাব লওঁতেই আৰক্ষীৰ এনকাউণ্টাৰ (Encounter)ত মৃত্যুক সাৱটি লয় ৷

পলমকৈ হ'লেও ডকাইতি কাণ্ডৰ আটাইকেইটা অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে কিছু পৰিমাণে সকাহ পালে এপাৰ্টমেণ্টটোৰ আৱাসীসকল ৷ কাৰণ এপাৰ্টমেণ্টটোত দিন দুপৰতে সংঘটিত ডকাইতি কাণ্ডৰ পিছতে উজাগৰী দিন কটাব লগীয়া হৈছিল আৱাসীসকলে ৷
Published by:Manjumoni Borah
First published: