মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Guwahati Murder Updates : ডাউকীত অভিযান চলাই কি পালে আৰক্ষীয়ে, উদ্ধাৰ হ’লনে অমৰজ্যোতিৰ মৃতদেহ?

Guwahati Murder Updates : ডাউকীত অভিযান চলাই কি পালে আৰক্ষীয়ে, উদ্ধাৰ হ’লনে অমৰজ্যোতিৰ মৃতদেহ?

অভিযুক্ত বন্দনা কলিতাৰ আৰক্ষী জিম্মাৰ আজি অন্ত পৰিব। সেয়েহে আজি আদালতত হাজিৰ কৰোৱা হ’ব বন্দনাক।

অভিযুক্ত বন্দনা কলিতাৰ আৰক্ষী জিম্মাৰ আজি অন্ত পৰিব। সেয়েহে আজি আদালতত হাজিৰ কৰোৱা হ’ব বন্দনাক।

অভিযুক্ত বন্দনা কলিতাৰ আৰক্ষী জিম্মাৰ আজি অন্ত পৰিব। সেয়েহে আজি আদালতত হাজিৰ কৰোৱা হ’ব বন্দনাক।

  • Share this:
ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে (Guwahati Double Murder)। চেৰাপুঞ্জীত শংকৰী দে’ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত সোমবাৰে মেঘালয়ৰ ডাউকীত বন্দনা কলিতাৰ (Bandana Kalita) স্বামী অমৰজ্যোতিৰ মৃতদেহৰ সন্ধানত অভিযান চলাইছিল অসম আৰক্ষীৰ এটা দলে (Assam Police)। মঙলবাৰে তিনি অভিযুক্তক লগত লৈ ডাউকীৰ উক্ত স্থানত আৰক্ষীয়ে চলাই অভিযান।

এই অভিযানত উদ্ধাৰ হয় অমৰজ্যোতিৰ মৃতদেহৰ কিছু অৱশিষ্ট। মেঘালয়ৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এই অৱশিষ্টখিনি। এই অৱশিষ্ট অনা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ। জিএমচিএইচত পৰীক্ষা কৰা হ’ব এই অৱশিষ্ট।

ইফালে, অভিযুক্ত বন্দনা কলিতাৰ আৰক্ষী জিম্মাৰ আজি অন্ত পৰিব। সেয়েহে আজি আদালতত হাজিৰ কৰোৱা হ’ব বন্দনাক। বৰ্তমান পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে বৰ্ণালীক।

উল্লেখযোগ্য যে গুৱাহাটীৰ এই লোমহৰ্ষক হত্যাকাণ্ডই অসমবাসীৰ মন–মগজু জোকাৰি গৈছিল। ধনটি ডেকা আৰু অৰূপ দাস নামৰ দুই যুৱকৰ সহযোগত বন্দনা কলিতাই নৃশংসভাৱে হত্যা কৰিছিল স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ক। আৰু হত্যাৰ পিছত মৃতদেহ টুকুৰা টুকুৰ কৰি পেলাই আহিছিল মেঘালয়ত।

শেহতীয়া বাতৰি