உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Labour Attacked in Maligaon: নিশা কামাখ্যা পথত শ্ৰমিকৰ ওপৰত দুৰ্বৃত্তৰ নৃশংস আক্ৰমণ, দুমহলীয়া ছাদৰ পৰা জঁপিওৱাত এজন নিহত, দুজন আহত

    Labour Attacked in Maligaon: নিশা কামাখ্যা পথত শ্ৰমিকৰ ওপৰত দুৰ্বৃত্তৰ নৃশংস আক্ৰমণ, দুমহলীয়া ছাদৰ পৰা জঁপিওৱাত এজন নিহত, দুজন আহত

    মালিগাঁৱত শ্ৰমিকক আক্ৰমণ

    মালিগাঁৱত শ্ৰমিকক আক্ৰমণ

    আঘাতপ্ৰাপ্ত আটাইকেইজন শ্ৰমিকক ততাতৈয়াকৈ GMCHলৈ প্ৰেৰণ কৰা হয় যদিও ইয়াৰে এজনৰ মৃত্যু ঘটে। ৰূপচান্দ আলি নামৰ শ্ৰমিকজনে প্ৰাণ হেৰুৱাবলগীয়া হয়।

    • Share this:
    গুৱাহাটী (Guwahati)ত নিশা নীলাচলৰ বুকুত বৃহৎ অঘটন। পাণ্ডু-কামাখ্যা সংযোগী পথ (Pandu-Kamakhya Road)ত কৰ্মৰত শ্ৰমিকৰ দলৰ ওপৰত অচিনাক্ত দুৰ্বৃত্তৰ দলে কৰে ভয়ানক আক্ৰমণ। অভিযোগ অনুসৰি নিশা এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে হঠাৎ তলা ভাঙি প্ৰৱেশ কৰে শ্ৰমিকৰ কেম্প (Labour Camp)ত। হাতত দা, কুঠাৰ লৈ অতৰ্কিতে আক্ৰমণ চলায় শ্ৰমিকৰ কেম্পত। উল্লেখ্য যে, এই আক্ৰমণৰ পৰা নিজকে বচাবলৈ শ্ৰমিককেইজন তেওঁলোক থকা দুমহলীয়া অট্টালিকাৰ পৰা জাঁপ মাৰে। এই ঘটনাত গুৰুত্বৰভাৱে তিনিজনকৈ শ্ৰমিক আঘাতপ্ৰাপ্ত হয়। শ্ৰমিককেইজনৰ চিঞৰ-বাখৰ শুনি স্থানীয় লোকসকল বাহিৰলৈ ওলাই অহাত দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে।

    গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আটাইকেইজন শ্ৰমিকক ততাতৈয়াকৈ GMCHলৈ প্ৰেৰণ কৰা হয় যদিও ইয়াৰে এজনৰ মৃত্যু ঘটে। ৰূপচান্দ আলি নামৰ শ্ৰমিকজনে প্ৰাণ হেৰুৱাবলগীয়া হয়। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন দুজন শ্ৰমিক হৈছে ক্ৰমে খাইৰুদ্দিন আৰু চাহিল হুছেইন।

    মন কৰিবলগীয়া যে এই ঘটনাৰ খবৰ পোৱাৰ পাছতেই ঘটনাস্থলীত জালুকবাৰী আৰক্ষী (Jalukbari Police)ৰ শীৰ্ষ বিষয়াসহ এটা বৃহৎ দল উপস্থিত হয়। কিন্তু কোনে কি কাৰণত শ্ৰমিককেইজনক আক্ৰমণ কৰিলে সেই কথা এতিয়াও পোহৰলৈ অহা নাই।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    ঘটনা সন্দৰ্ভত ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
    Published by:Manjumoni Borah
    First published: