গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত পৰিয়ালৰ লোকে ইতিমধ্যে চিনাক্ত কৰিছে অজয় দাসৰ মৃতদেহটো। মৃত অজয় মালিগাঁৱৰ এখন কাপোৰৰ দোকানত কৰ্মৰত হৈ আছিল।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত পৰিয়ালৰ লোকে ইতিমধ্যে চিনাক্ত কৰিছে অজয় দাসৰ মৃতদেহটো। মৃত অজয় মালিগাঁৱৰ এখন কাপোৰৰ দোকানত কৰ্মৰত হৈ আছিল।
বুধবাৰে হাজোৰ বৰুৱাবাৰীত পুঠিমাৰী নৈৰ জংঘলৰ মাজত উদ্ধাৰ হৈছিল এটা অচিনাক্ত যুৱকৰ মৃতদেহ। হাজো আৰক্ষীয়ে তাৰ পাছত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰিছিল।
বুধবাৰে উদ্ধাৰ হোৱা এই মৃতদেহটো এতিয়া চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। মৃতদেহটো গুৱাহাটী পাণ্ডুৰ জয়মতী নগৰৰ অজয় দাসৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত পৰিয়ালৰ লোকে ইতিমধ্যে চিনাক্ত কৰিছে অজয় দাসৰ মৃতদেহটো। মৃত অজয় মালিগাঁৱৰ এখন কাপোৰৰ দোকানত কৰ্মৰত হৈ আছিল। পূৰ্বতে ড্ৰাগছ আসক্ত অজয় দাসে কিছুদিন পূৰ্বে ড্ৰাগছ মুক্তি কেন্দ্ৰৰ পৰা চিকিৎসাধীন হৈ ঘৰলৈ উভতিছিল। অভিযোগ উঠিছে ১৫শ টকাত নিজৰ মোবাইল ফোনতো বন্ধকত থৈ বন্ধুবৰ্গৰ সৈতে ওলাই গৈছিল অজয় দাস। মঙলবাৰৰ পৰা অন্তৰ্ধান হৈ থকা অজয়ৰ মৃতদেহ বুধবাৰে পুৱা হাজোৰ বৰুৱাবাৰীত উদ্ধাৰ হৈছিল। পৰিয়ালৰ লোকে এই ঘটনাৰ এতিয়া উচিত তদন্তৰ দাবী জনাইছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|