ভৰলুৰ ব্যৱসায়ী পুত্ৰ অংকুৰ সুৰানা অপহৰণ কাণ্ডৰ তিনি মূল অভিযুক্তৰ সন্ধানত আৰক্ষী ৷ আৰক্ষীয়ে জব্দ কৰিলে অপহৰণ কাণ্ডত ব্যৱহৃত চুইফ্ট ডিজায়াৰ বাহন ৷ অংকুৰ সুৰানাৰ S cross বাহনৰো তথ্য পাইছে আৰক্ষীয়ে ৷
শনিবাৰেই পুৱাই গুৱাহাটীৰ পৰা পলায়ন কৰিছিল প্ৰবাল কলিতাই। তামুলপুৰৰ সমন্ধীয়ৰ ঘৰত আত্মগোপন কৰিছিল ৷ তাৰ পিছতে ৰঙিয়া ৰেল ষ্টেচনৰ পৰা নৰ্থ ইষ্ট এক্সপ্ৰেছ যোগে বহিঃ ৰাজ্যলৈ পলায়ন কৰিছিল মূল অভিযুক্ত প্ৰবাল কলিতাই ৷
এতিয়াও আৰক্ষীৰ জালত পৰা নাই নাই অপহৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ড প্ৰবাল কলিতা সহ আন দুজন ৷ আৰক্ষীয়ে তিনি অভিযুক্তক বিচাৰি অভিযান চলায় আছে যদিও সফল হোৱা নাই ৷ গুৱাহাটী পশ্চিম আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত দেৱাশিস বৰাই সংবাদ মাধ্যমক কোৱা মতে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্তত শীৰ্ষ বিষয়াৰ দ্বাৰা পৰ্যবেক্ষণ কৰি আছে ৷ বিট কইনৰ ক্ষেত্ৰটো টেকনিকেল এনালাইছিচ কৰি আছে ৷ অপহৃত অংকুৰৰ বাহনখনৰ তথ্য পোৱা গৈছে ৷ আৰক্ষীৰ এটা দলে বাহনখন উদ্ধাৰ কৰাৰ বাবে ৰাওনা হৈছে ৷
আনহাতে অপহৃত অংকুৰ সুৰানাৰ পৰিয়ালে সংবাদমাধ্যমৰ আগত কোনো তথ্য প্ৰকাশ কৰা নাই ৷ আৰক্ষীয়ে ভাল কাম কৰিছে ৷ কিবা তথ্য লাগিলে আৰক্ষীৰ পৰা ল'ব ৷
আনহাতে মূল মাষ্টাৰ মাইণ্ড প্ৰবাল কলিতাই ডিচিপি দেৱাশিস বৰালৈ লিখিছে পত্ৰ ৷ পত্ৰত নিজকে নিৰ্দোষী আখ্যা দিছে ৷ আৰক্ষীয়ে বৰ্তমান প্ৰবাল আৰু আন দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷
Published by: Kokil Sarma
FIRST PUBLISHED : February 08, 2023, 20:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।