মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Kidnappers Arrested: ভৰলুৰ পৰা পাৰ্টী কৰাৰ নামত মাতি নি অপহৰণ কৰা যুৱকক উদ্ধাৰ মহানগৰ আৰক্ষীৰ ...

Kidnappers Arrested: ভৰলুৰ পৰা পাৰ্টী কৰাৰ নামত মাতি নি অপহৰণ কৰা যুৱকক উদ্ধাৰ মহানগৰ আৰক্ষীৰ ...

১ ফেব্ৰুৱাৰীত আমচিঙৰ ৰিজৰ্টত পাৰ্টী কৰাৰ বাবে মাতি নি অপহৰণ কৰা যুৱকক উদ্ধাৰ মহানগৰ আৰক্ষীৰ ৷ আমচিং যোৰাবাটৰ ৰিজ'ৰ্টত অপহৰণ কৰি লুকাই ৰাখিছিল ভুক্তভোগীক ৷

১ ফেব্ৰুৱাৰীত আমচিঙৰ ৰিজৰ্টত পাৰ্টী কৰাৰ বাবে মাতি নি অপহৰণ কৰা যুৱকক উদ্ধাৰ মহানগৰ আৰক্ষীৰ ৷ আমচিং যোৰাবাটৰ ৰিজ'ৰ্টত অপহৰণ কৰি লুকাই ৰাখিছিল ভুক্তভোগীক ৷

  • Share this:
১ ফেব্ৰুৱাৰীত আমচিঙৰ ৰিজৰ্টত পাৰ্টী কৰাৰ বাবে মাতি নি অপহৰণ কৰা যুৱকক উদ্ধাৰ মহানগৰ আৰক্ষীৰ ৷ আমচিং যোৰাবাটৰ ৰিজ'ৰ্টত অপহৰণ কৰি লুকাই ৰাখিছিল ভুক্তভোগীক ৷

মহানগৰ আৰক্ষীৰ সফল অভিযান ! গুৱাহাটীৰ পৰা অপহৰণ হোৱা যুৱকক উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ ৫ অপহৰণকাৰী ৷ ভৰলুমূখৰ বাসিন্ধা অংকুৰ সুৰানা নামৰ যুৱকজনক ১ ফেব্ৰুৱাৰী নিশা আমচিং যোৰাবাটৰ পি কে ৰিজৰ্টত পাৰ্টী কৰাৰ বাবে মাটি নিছিল ৷ পাৰ্টী কৰাৰ চলেৰে পি কে ৰিজৰ্টৰ স্বতাধীকাৰী প্ৰবাল কলিতাসহ একাংশ কৰ্মচাৰীয়ে আবদ্ধ কৰি ৰাখিছিল অংকুৰ চুৰানাক ৷ তাৰ পিছতে পৰিয়ালক ১৯ কোটি টকা মূল্যৰ bit coin দিয়াৰ দাবী কৰিছিল ৷ অপৰহৰকাৰীয়ে ইন্টাৰনেট যোগে ফোন কৰিছিল অংকুৰৰ ভগ্নীক ৷ অপহৰনকাৰী দলটোৱে বিচাৰিছিল ১০৪ টা Bit coin ৷ আৰক্ষীয়ে অপহৰণৰ তথ্য পোৱাৰ লগে লগে আৰম্ভ কৰিছিল অনুসন্ধান ৷ আমচিঙৰ পি কে ৰিজ'ৰ্টৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় অংকুৰ চুৰানাক ৷
আৰক্ষীয়ে অপৰহণকাৰী দলৰ পি কে ৰিজ'ৰ্টৰ মেনেজাৰ ৰূপম দাস, পিকে ৰিজৰ্টৰ কেচিয়াৰ ৰাজেন কাইমাল, পি কে হাৰ্ডৱেৰৰ কৰ্মচাৰী আজাহাৰ চৌধুৰী, পি কে ৰিজৰ্টৰ পুখুৰী লিজত লৈ চলোৱা হৰেন দাস আৰু গৌতম দাসক ৷ আৰক্ষীয়ে এতিয়াও সন্ধান বিচাৰি আছে অপৰহণ কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড পি কি ইকো ৰিজৰ্টৰ স্বত্তাধিকাৰী প্ৰবাল কলিতা সহ আন দুজনক ৷ আৰক্ষীয়ে এই সমগ্ৰ চক্ৰটো ড্ৰাগছৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে ৷ প্ৰবাল কলিতাৰ লগতে এই ঘটনাত গুৱাহাটীৰ এজন ডিজেও জড়িত আছে ৷ আৰক্ষীয়ে প্ৰবাল সহ তিনি অপহৰণকাৰীক বিচাৰি বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে ইয়াৰ আগতেও দলটোৱে আয়োজন কৰিছিল ৰেভ পাৰ্টী ৷ য'ত বহু যুৱক যুৱতীক ৰিজ'ৰ্ট খনত যোগান ধৰিছিল ড্ৰাগছৰ ৷ আৰক্ষীয়ে ধৃত ৫ অপৰহৰণকাৰীক নিজৰ জিম্মাত লৈ জেৰা চলাব ড্ৰাগছ সন্দৰ্ভত ৷

তোমাৰ চহৰৰ পৰা(গুৱাহাটী)

গুৱাহাটী

শেহতীয়া বাতৰি