• Home
  • »
  • News
  • »
  • crime
  • »
  • Guwahati Hit & Run Case: হিট এণ্ড ৰান গোচৰৰ দুই তদন্তকাৰী বিষয়াক ৰিজাৰ্ভ ক্ল'জ...

Guwahati Hit & Run Case: হিট এণ্ড ৰান গোচৰৰ দুই তদন্তকাৰী বিষয়াক ৰিজাৰ্ভ ক্ল'জ...

Guwahati Hit & Run Case: মহানগৰীৰ হিট এণ্ড ৰান গোচৰটোৰ তদন্তৰ দায়িত্বত থকা SI ছাহিৰ আলী আৰু WSI আভাৰানী গগৈক তাৎক্ষনিক ভাৱে ৰিজাৰ্ভ ক্ল'জ কৰে মহানগৰ আৰক্ষী আয়ুক্তই ৷

  • Share this:
ন্যায় ব্যৱস্থাক লৈ এতিয়া সৰৱ চৰ্চা চলিছে ছচিয়েল মিডিয়াত ৷ নিশা বিজুলিৰ গতিৰে গাড়ী চলাই ৯জন লোকক মহতিয়াইছিল এগৰাকী মডেলে৷ ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল যদিও ৰহস্যজনকভাৱে দিনটোৰ ভিতৰতে জামিন লাভ কৰিলে তেওঁ৷

সুৰামত্ত হৈ থকাৰ অভিযোগ উঠা মডেল ৰাজকন্যাৰ বাহনৰ খুন্দাত এখন ভৰি ছিগি গৈছিল যোচেফ নামৰ পথচাৰীগৰাকীৰ৷ সমান্তৰালকৈ গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈছিল ৮জনকৈ শ্ৰমিক৷ দুৰ্ঘটনাত এখন ভৰি হেৰুওৱা যোচেফৰ আনখন ভৰিও কাটিব লগা হয় চিকিৎসকে৷ দুয়োখন ভৰি হেৰুওৱা যোচেফৰ এই পৰ্যন্ত সন্ধান পোৱা নাই পৰিয়ালৰ৷ যাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ আহ্বান যোচেফৰ পৰিয়ালৰ সন্ধান পালে যোগাযোগ কৰক কৰ্তৃপক্ষৰ সৈতে৷

ইপিনে ২৪ঘন্টাতে জামিন লাভ কৰা ৰাজকন্যাক লৈ ৰাজ্যজুৰি আৰক্ষী কৰ্কথনাৰ সন্মুখীন হোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে কলে জামিন পালেই কাহিনী শেষ হৈ নাযায়৷ এদিন, দুদিন, তিনিদিন চাওকচোন ৷ কি হৈ আছে দেখিব৷ মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ কিছু সময়ৰ পিছতে গোচৰটোৰ তদন্তৰ দায়িত্বত থকা SI ছাহিৰ আলী আৰু WSI আভাৰানী গগৈক তাৎক্ষনিকভাৱে ৰিজাৰ্ভ ক্ল'জ কৰে মহানগৰ আৰক্ষী আয়ুক্তই৷ NEWS 18ৰ হাতত পৰা তথ্য মতে পুনৰ নতুন ধাৰা সংযোজন কৰি দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ বাবে চলাই আছে যো-জা।
Published by:Kokil Sarma
First published: