গুৱাহাটীত জালনোটৰ বেহা চলাই থকা চক্ৰক উৎখাট গীতানগৰ আৰক্ষীৰ ৷ মনিপুৰৰ দুই যুৱকক দেৰ লাখ টকা দিলে ৪ লাখ টকা কৰি দিয়াৰ প্ৰলোভন দি ৰঙা ঘৰত দুই জালনোট সৰবৰাহকাৰী ৷
লক্ষীপুৰৰ বঙালমৰাৰ পৰা গুৱাহাটীত আহি জালনোটৰ জাল ৷ মনিপুৰৰ দুই যুৱকে চেকেণ্ডহেণ্ড মটৰচাইকেল কিনিব আহি জালত পৰিল জালনোট চক্ৰ ৷ চক্ৰটোৱে যুৱক দুজনক মটৰচাইকেল বিক্ৰী কৰিম বুলি গুৱাহাটীলৈ মাটি পঠিয়াইছিল ৷ দুই যুৱক বৃহস্পতিবাৰে উপস্থিত হয় গুৱাহাটীত ৷ প্ৰথমে ISBT লগ কৰাৰ কথা আছিল যদিও তাত লগ নকৰি নবীননগৰৰ ভাড়া ঘৰলৈ মাতি পঠাইছিল দুই যুৱকক ৷ তাতে দুই যুৱকক প্ৰলোভন দিছিল টকা দুগুনতকৈ অধিক কৰি দিয়াৰ ৷ প্ৰলোভনত লোভ গৈ যুৱক দুইজনে দি দিছিল ডেৰ লাখ টকা ৷ তাৰ পিছতে দিয়া হৈছিল ৪ লাখ টকা এটা পেকেটত ৷ প্ৰথম বাণ্ডিলটো কেইখনমান আচলনোট দিছিল ৷ কিন্তু পিছত তাৰ পৰা ওলাই দুই যুৱকে ধন খিনি পৰীক্ষা কৰোতে ওলাল যে কেইখনমান নোটহে আচল বাকী খিনি নকল টকা ৷ লগে লগে দুই যুৱকে যোগাযোগ কৰে গীতানগৰ আৰক্ষীৰ লগত ৷
আৰক্ষীয়ে তথ্য পোৱাৰ লগে লগে আৰম্ভ কৰে অনুসন্ধান ৷ তাৰ পিছতে নবীননগৰত অভিযান চলায় জালনোট সহ তথা নোট চপা কৰা প্ৰিন্টাৰ সহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে চৈয়দ মুৰাদ আৰু মফিদুল ইছলামক ৷
মন কৰিবলগীয়া যে গুৱাহাটীত বিশেষকৈ লক্ষীপুৰৰ বঙালমৰাৰৰ একাংশ প্ৰৱঞ্চকে গুৱাহাটীত বাহৰ পাতি চলায় আহিছে জালনোটৰ প্ৰৱঞ্চনা ৷
Published by: Kokil Sarma
FIRST PUBLISHED : January 06, 2023, 17:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।