একাংশ অসাধু ব্যক্তিয়ে চলাই গৈছে মাৰাত্মক ড্রাগ্ছৰ হোম ডেলিভাৰী সেৱা৷ জমেট’, ছুইগী আদিৰ লগত জড়িত ডেলিভাৰী বয়ে নিচাসক্তক ঘৰতে যোগান ধৰিছে ব্রাউন ছুগাৰৰ দৰে ড্রাগ্ছ৷
একাংশ অসাধু ব্যক্তিয়ে চলাই গৈছে মাৰাত্মক ড্রাগ্ছৰ হোম ডেলিভাৰী সেৱা৷ জমেট’, ছুইগী আদিৰ লগত জড়িত ডেলিভাৰী বয়ে নিচাসক্তক ঘৰতে যোগান ধৰিছে ব্রাউন ছুগাৰৰ দৰে ড্রাগ্ছ৷
ক’ৰোনাসৃষ্ট পৰিস্থিতিত ৰাজ্যজুৰি বলৱৎ হৈ আছে আংশিক লকডাউন৷ দুপৰীয়া ১ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন৷ কিন্তু অনলাইন ডেলিভাৰী সেৱাসমূহক সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে৷ ইয়াৰে সুযোগ লৈ একাংশ অসাধু ব্যক্তিয়ে চলাই গৈছে মাৰাত্মক ড্রাগ্ছৰ হোম ডেলিভাৰী সেৱা৷ জমেট’, ছুইগী আদিৰ লগত জড়িত ডেলিভাৰী বয়ে নিচাসক্তক ঘৰতে যোগান ধৰিছে ব্রাউন ছুগাৰৰ দৰে ড্রাগ্ছ৷ মহানগৰ আৰক্ষীৰ অভিযানত এই ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে৷
ড্রাগ্ছৰ হোম ডেলিভাৰীত জড়িত তিনিজন সৰবৰাহকাৰীক পল্টনবজাৰ আৰক্ষীয়ে মহানগৰীৰ দক্ষিণ শৰণীয়াৰ পৰা গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীৰ জালত পৰা তিনি সৰবৰাহকাৰী হৈছে শুভাংকৰ সৰকাৰ, ব্রজেন দাস আৰু এগৰাকী মহিলা৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে ৬ গ্রাম ব্রাউন ছুগাৰ আৰু ১৩টা কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত তিনি ড্রাগ্ছ সৰবৰাহকাৰীৰ ভিতৰত ব্রজেন দাসে ছুইগীৰ জৰিয়তে খাদ্য–সামগ্রী ঘৰে ঘৰে যোগান ধৰে৷ একে সময়তে তেওঁ দীর্ঘদিন ধৰি ড্রাগ্ছো যোগান ধৰি আহিছিল৷ মহিলাগৰাকীয়ে পূব শৰনীয়াৰ ভাড়াঘৰৰ পৰাই বহু বছৰে চলাই গৈছিল নিষিদ্ধ ঘোষিত ড্ৰাগছৰ বেহা৷ কিছুদিন পূৰ্বে মগিলাগৰাকীয়ে ডাগ্ৰছ বিক্ৰী কৰাৰ এটা ভিডিঅ' ভাইৰেল হৈছিল যদিও মহিলাগৰাকীৰ হাতত অভিযানৰ সময়ত আৰক্ষীয়ে কোনো নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰিব নোৱাৰাত থানাৰ পৰাই যাব দিয়ে।
কেৱল ব্রজেন দাসেই নহয়, ছুইগী–জমেট’ৰ ডেলিভাৰী বয়ৰ বেশত আৰু বহুতেই সুৰা, গাঞ্জা, ড্রাগ্ছৰ ব্যৱসায় চলাই আহিছে৷ তেওঁলোকৰ সন্ধানতো আৰক্ষীয়ে জোৰদাৰ অভিযান আৰম্ভ কৰিছে৷ ইফালে, চানমাৰি আৰক্ষীয়ে দুটা পৃথক অভিযানত বাপধন পাঠক আৰু আয়ুব আলী নাম দুজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ৪৩ গ্রাম হেৰ’ইন আৰু নগদ ১১,৬২০ টকা তেওঁলোকৰ পৰা জব্দ কৰে৷ একেদৰে বশিষ্ঠ আৰক্ষীয়ে এন ই এফ ল’ কলেজৰ সমীপৰ পৰাও ড্রাগ্ছসহ দুজন যুৱক–যুৱতীক গ্রেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ বোন্দাত চলা অনুৰূপ অভিযানত ড্রাগ্ছসহ মণ্টু দেউৰী, যতীন কলিতা আৰু বিকাশ ৰয় নামৰ তিনিজন সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰে
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|