• Home
  • »
  • News
  • »
  • crime
  • »
  • Guwahati Accident| হাস্পতালত কাটিবলগীয়া হ’ল সিখন ভৰিও... চিৰদিনলৈ পংগু হ’ল কাৰ্ফিউৰ মাজতে মহানগৰীৰ মডেলে মহতিয়াই নিয়া যোচেফ

Guwahati Accident| হাস্পতালত কাটিবলগীয়া হ’ল সিখন ভৰিও... চিৰদিনলৈ পংগু হ’ল কাৰ্ফিউৰ মাজতে মহানগৰীৰ মডেলে মহতিয়াই নিয়া যোচেফ

২০০২ চনৰ বলিউডৰ অভিনেতা ছলমান খানৰ কুখ্যাত হিট এণ্ড ৰাণ কাণ্ডৰ সৈতে ৰাইজে ৰিজাইছে ৰাজকন্যা বৰুৱাৰ এই কু–কীৰ্তিক।

২০০২ চনৰ বলিউডৰ অভিনেতা ছলমান খানৰ কুখ্যাত হিট এণ্ড ৰাণ কাণ্ডৰ সৈতে ৰাইজে ৰিজাইছে ৰাজকন্যা বৰুৱাৰ এই কু–কীৰ্তিক।

২০০২ চনৰ বলিউডৰ অভিনেতা ছলমান খানৰ কুখ্যাত হিট এণ্ড ৰাণ কাণ্ডৰ সৈতে ৰাইজে ৰিজাইছে ৰাজকন্যা বৰুৱাৰ এই কু–কীৰ্তিক।

  • Share this:
অভিজাত গুৱাহাটীৰ এক কৰুণ ঘটনা। মহানগৰীৰ এগৰাকী মডেলে মহতিয়াই নিছিল ৯জনকৈ শ্ৰমিকক। অভিযোগ মতে মহানগৰীৰ এখন পঞ্চতাৰকা হোটেলৰ পৰা নাইট কাৰ্ফিউৰ মাজতে নিশা ১বজাত উভতি অহা মডেলগৰাকীয়ে এই ভয়ংকৰ কাণ্ডৰ পিছত দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈও উদ্যত হৈছিল। মডেল গৰাকীৰ নাম ৰাজকন্যা বৰুৱা। অভিযোগ মতে অপ্ৰকৃতিস্থ অৱস্থাত থকা মডেল তথা ইভেণ্ট মেনেজমেণ্টৰ কাম কৰা ৰাজকন্যা বৰুৱাই গাড়ী উঠাই দিছিল ব্যক্তিকেইজনৰ ওপৰত। ইয়াৰে এজন যাৰ নাম যোচেফ তেওঁৰ সোঁ ভৰিখন ঠাইতে ছিগি পৰি ৰৈছিল ৰাজপথৰ ওপৰত। এতিয়াও অচেতন হৈ ৰোৱা যোচেফৰ আনখন ভৰিও কাটি পেলাবলগীয়া হয় চিকিৎসকে। পৰিয়ালৰ পৰিচয় এইপৰ্যন্ত ওলোৱা নাই যোচেফৰ। আনহাতে চিকিৎসাধীন আহত আন ৮জন শ্ৰমিকক আজি ঘৰলৈ যাব দিয়া হ’ব।

কাৰ্ফিউৰ মাজত আইন কানুন ভংগ কৰা ৰাজকন্যা বৰুৱাই এদিনতে জামিন পালে তাক লৈও এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে। ৰুক্মিনীগাঁৱৰ হিট এণ্ড ৰাণ গোচৰৰ গোচৰ ৰুজু হৈছিল দিছপুৰ থানাত। ভাৰতীয় দণ্ডবিধিৰ ২৭৯/৩৩৮/২৯৪/৩৫৩ ধাৰাৰ অধীনত ৰুজু হৈছিল গোচৰ। শনিবাৰে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ কৰে।

ছচিয়েল মিডিয়াত সৰৱ চৰ্চা হৈ থকা মহানগৰীৰ মডেলৰ এই কু–কাণ্ডৰ পিছত আৰক্ষীৰ ভূমিকাক লৈও উঠিছে বৃহৎ প্ৰশ্ন। সততে অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ দাবী কৰা অসম আৰক্ষীৰ নিষ্ঠাক লৈ ৰাইজে তুলিছে প্ৰশ্ন। দুখীয়াৰ কাৰণে আইন বেলেগ আৰু ধনীৰ কাৰণে আইন বেলেগ নে কি? কি কাৰণে এটা ধাৰাৰ বাহিৰে আটাইকেইটা জামিন যোগ্য ধাৰা আৰোপ কৰা হ’ল তাক লৈও উঠিছে প্ৰশ্ন। আইনৰ সুৰুঙাৰে মডেলগৰাকী সাৰি যোৱাৰ বাট ওলোৱাক লৈ ৰাজ্যবাসীয়ে তুলিছে প্ৰশ্ন। এই খাটিখোৱা শ্ৰমিককেইজনৰ হৈ কোনে আইনী যুঁজ চলাব তাৰো নাই কোনো নিশ্চয়তা।

ছয়মাইলৰ ৰুক্মিনীগাঁঁৱত পথ মেৰামতিত ব্যস্ত থকা ইমৰাণ চৌধুৰী, চিৰাজ আলী, আইনুল আলী, আতিকুৰ ৰহমান, মফিদুল ইছলাম, জেহেৰুল ইছলাম, নাজিমূল শইকীয়া সহ ৯জনকৈ শ্ৰমিকক গাড়ীৰে মহতিয়াই তিলমানো অনুতপ্ত নোহোৱা ২০১৬চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট গৰাকীয়ে আৰক্ষী আৰু সাংবাদিকৰ আগতো ওলোটাই লম্ফ জম্ফ কৰাৰ বৰ্ণনা দিছিল প্ৰত্যক্ষদৰ্শীয়ে। এই দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে ৰুজু কৰা ২৭৯, ৩৩৮, ২৯৪, ৩৫৩ ধাৰাৰ ভিতৰত ৩৫৩ অৰ্থাৎ কৰ্তব্যৰত আৰক্ষীক বাধা প্ৰদান কৰাৰ ধাৰাটোৰ বাহিৰে বাকীকেইটা হৈছে জামিনযোগ্য ধাৰা। কিন্তু সুৰামত্ত অৱস্থাত গাড়ী চলাই দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগৰ সত্যতা নিৰূপনেৰে কোনো গোচৰ ৰুজু বা সান্ধ্য আইন অমান্য কৰা বুলি উঠা অভিযোগৰ গোচৰতো তেওঁক অভিযুক্ত কৰা নহ’ল। ঘটনাৰ পিছতে কৰাবলগীয়া বাধ্যতামূলক স্বাস্থ্য পৰীক্ষাৰ কোনো উম–ঘাম নাই। আৰক্ষীৰ এই সোপা–ঢিলা কাৰবাৰক লৈ এতিয়া সৃষ্টি হৈছে ক্ষোভৰ।

২০০২ চনৰ বলিউডৰ অভিনেতা ছলমান খানৰ কুখ্যাত হিট এণ্ড ৰাণ কাণ্ডৰ সৈতে ৰাইজে ৰিজাইছে ৰাজকন্যা বৰুৱাৰ এই কু–কীৰ্তিক।
First published: