এইবাৰ ডকাইতিত নমিল GRPৰ জোৱান আবুল হুছেইন নামৰ খাকী পোছাকধাৰী। পল্টনবজাৰ ৰে'ল ষ্টেচনত এগৰাকী যাত্ৰীৰ পৰা আবুল হুছেইনে কাঢ়ি ৰাখিলে ২.৫০ লাখ টকা। আজি দিনৰ প্ৰায় ১২:৩০ বজাত সংঘটিত হয় এই ঘটনা।
টকা কাঢ়িয়ে আবুলে নিজ ঘৰ হাজোত টকাখিনি লুকুৱাই ৰাখে। ঘটনা সন্দৰ্ভত ভুক্তভোগী হাৰিয়ানাৰ গিৰিধৰ লাল নামৰ যাত্ৰীগৰাকীয়ে অভিযোগ দিয়াৰ পিছতে আবুলক লৈ চলাই তদন্ত। উল্লেখ্য, হাৰিয়ানাৰ গিৰিধৰ লালৰ মোনা তালাচীৰ সময়ত আবুলে সংঘটিত কৰিছিল এই ঘটনা।
ঘটনা সন্দৰ্ভত জি আৰ পিৰ অ'চি প্রসেনজিত দাসে গোচৰ ৰুজু কৰি আবুল হুছেইনক গ্ৰেপ্তাৰ কৰে। ধৃত আবুল হুছেইনৰ হাজোৰ ঘৰৰ পৰা আৰক্ষীয়ে ২ লাখ ৪০ হাজাৰ টকা উদ্ধাৰ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।