মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Child Raped by Grand Father : ৬০ বছৰীয়া লম্পট ককাকৰ কামনাৰ বলি হ'ল ১১ বছৰীয়া নাতিনী, ঘটনাৰ সময়তে ধৰা পেলালে মাতৃয়ে।

Child Raped by Grand Father : ৬০ বছৰীয়া লম্পট ককাকৰ কামনাৰ বলি হ'ল ১১ বছৰীয়া নাতিনী, ঘটনাৰ সময়তে ধৰা পেলালে মাতৃয়ে।

News18 Assam | News18-Assam
Updated:July 11, 2021, 7:32 PM IST
Child Raped by Grand Father : ৬০ বছৰীয়া লম্পট ককাকৰ কামনাৰ বলি হ'ল ১১ বছৰীয়া নাতিনী, ঘটনাৰ সময়তে ধৰা পেলালে মাতৃয়ে।
representative image

ডালিম চাহ বাগিচাৰ পূজা মন্দিৰৰ সমীপৰ এখন পথাৰৰ পৰা পলাতক ধৰ্ষণকাৰী নন্দ কৰ্মকাৰক গ্ৰেপ্তাৰ।

  • Share this:
যোৰহাট জিলাৰ চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত ডালিম চাহ বাগিচাত ৬০ বছৰীয়া লম্পট ককাকৰ কামনাৰ বলি হ'ল ১১ বছৰীয়া নাতিনী । জানিব পৰা মতে শুকুৰবাৰে ডালিম চাহ বাগিচাৰ  নন্দ কৰ্মকাৰ নামৰ ৬০ বছৰীয়া লম্পটটোৱে ঘৰত কোনো নথকাৰ সুযোগত নিজৰ  ১১ বছৰীয়া নাতিনীক ধৰ্ষণ কৰে।

ঘটনাৰ সময়ত কিশোৰী গৰাকীৰ পিতৃ বাগানৰ কামলৈ যোৱাৰ বিপৰীতে মাতৃ বেংকলৈ গৈছিল আৰু কিশোৰী গৰাকী ককাকৰ ওচৰত আছিল। মাতৃ ঘৰলৈ আহি লম্পট নন্দ কৰ্মকাৰে কিশোৰী গৰাকীক ধৰ্ষণ কৰি থকা অৱস্থাতে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত লম্পটটোৱে ঘৰৰ পৰা পলায়ন কৰে। কিশোৰীগৰাকীৰ মাতৃয়ে এই বিষয়ে তাৎক্ষণিক ভাবে স্থানীয় চেলেংহাট আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে।

মাকৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬(এ) আৰু ৩৭৬(বি) ধাৰাৰ লগতে পকছ' আইনৰ ৬ ধাৰাত  ৪৩৬/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে। আজি চেলেংহাট আৰক্ষীযে এক গোপন সূত্ৰৰ পম খেদি ডালিম চাহ বাগিচাৰ পূজা মন্দিৰৰ সমীপৰ এখন পথাৰৰ পৰা  পলাতক ধৰ্ষণকাৰী নন্দ কৰ্মকাৰক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে।
Published by: Manjumoni Borah
First published: July 11, 2021, 7:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি