• Home
  • »
  • News
  • »
  • crime
  • »
  • Govt Employee Arrested: বঙাইগাঁৱত উপ পঞ্জীয়কসহ গ্ৰেপ্তাৰ তিনিজন ৷ মালিকৰ জাল চহীৰে ভূমিৰ মালিকীস্বত্ব সলনি

Govt Employee Arrested: বঙাইগাঁৱত উপ পঞ্জীয়কসহ গ্ৰেপ্তাৰ তিনিজন ৷ মালিকৰ জাল চহীৰে ভূমিৰ মালিকীস্বত্ব সলনি

ফৰেনচিক লেবৰ পৰা প্ৰেৰণ কৰা প্ৰতিবেদনত ভূমিৰ প্ৰকৃত স্বত্বাধিকাৰী মহিলাগৰাকীৰ সৈতে উপ পঞ্জীয়কৰ কাৰ্যালয়ত থকা চহীৰ অমিল ধৰা পৰে ৷

ফৰেনচিক লেবৰ পৰা প্ৰেৰণ কৰা প্ৰতিবেদনত ভূমিৰ প্ৰকৃত স্বত্বাধিকাৰী মহিলাগৰাকীৰ সৈতে উপ পঞ্জীয়কৰ কাৰ্যালয়ত থকা চহীৰ অমিল ধৰা পৰে ৷

ফৰেনচিক লেবৰ পৰা প্ৰেৰণ কৰা প্ৰতিবেদনত ভূমিৰ প্ৰকৃত স্বত্বাধিকাৰী মহিলাগৰাকীৰ সৈতে উপ পঞ্জীয়কৰ কাৰ্যালয়ত থকা চহীৰ অমিল ধৰা পৰে ৷

  • Share this:
বঙাইগাঁৱৰ উপ পঞ্জীয়কসহ তিনিজনক আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিছে ৷ ভূমি ক্ৰয়- বিক্ৰয়ৰ ক্ষেত্ৰত সংঘটিত জালিয়াতিত  জৰিত থকাৰ অভিযোগত বঙাইগাঁৱৰ উপ পঞ্জীয়ক কুলেন্দ্ৰ চন্দ্ৰ দাস, নৈশ চকীদাৰ অনন্ত ৰায় আৰু মহৰী গিয়াছউদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

২০২১ চনত বঙাইগাঁও সদৰ থানাত চুঙাপোতাৰ বোচাক উপাধীৰ মহিলা এগৰাকীয়ে এজাহাৰ দাখিল কৰে ৷ মহিলাগৰাকীৰ ভূমি জালিয়াতিৰে বিক্ৰী কৰা বুলি দাখিল কৰা  উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৭৪২/২১ নং গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে ৷ আৰক্ষীয়ে উপ পঞ্জীয়কৰ কাৰ্যালয়ত গৰাকীয়ে কৰা স্বাক্ষৰসহ বিভিন্ন নথি  ফৰেনচিকলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

শেহতীয়াভাৱে ফৰেনচিক লেবৰ পৰা প্ৰেৰণ কৰা প্ৰতিবেদনত ভূমিৰ প্ৰকৃত স্বত্বাধিকাৰী মহিলাগৰাকীৰ সৈতে উপ পঞ্জীয়কৰ কাৰ্যালয়ত থকা চহীৰ অমিল ধৰা পৰে ৷ উক্ত প্ৰতিবেদনৰ পিছতে আৰক্ষী তৎপৰ হৈ পৰে আৰু আজি বঙাইগাঁও উপ পঞ্জীয়কৰ কাৰ্যালয়ত গৈ আৰক্ষীয়ে তিনিওকে থানালৈ মাতি আনে ৷ দীৰ্ঘ সময় ধৰি জেৰাৰ অন্তত আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰে ৷

ইয়াৰ পূৰ্বেও একেটা গোচৰত চাৰিজনক গ্ৰেপ্তাৰ কৰিছিল ৷ এজাহাৰকাৰী মহিলাগৰাকীয়ে নিজৰ অজ্ঞাতে ভূমি উপ পঞ্জীয়কৰ কাৰ্যালয়ত মালিকীস্বত্ব সলনি কৰা বুলি অভিযোগ দাখিল কৰিছিল ৷ আৰক্ষীৰ তদন্তত মহিলাগৰাকীৰ ভূমি তেওঁৰ সলনি অন্য কোনোবাই চহী কৰি পঞ্জীয়ন কৰিছিল বুলি অভিযোগ কৰে ৷ উক্ত গোচৰত কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰ লগতে দালাল চক্ৰ জৰিত থকাৰ তথ্য লাভ কৰা বুলি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱালে বঙাইগাঁও সদৰ থানাত আয়োজিত সংবাদ মেলত জানিব দিছে ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি