• Home
  • »
  • News
  • »
  • crime
  • »
  • Gold Coin Fraud : সোণৰ মুদ্ৰাৰ প্ৰলোভনৰ ফান্দত পৰি সৰ্বস্বান্ত সহজ-সৰল লোক ! লোভ সামৰিব নাৱাৰি প্ৰতাৰিত হৈ হেৰুৱালে সৰ্বস্ব, তাৰ পিছত কি হ'ল...

Gold Coin Fraud : সোণৰ মুদ্ৰাৰ প্ৰলোভনৰ ফান্দত পৰি সৰ্বস্বান্ত সহজ-সৰল লোক ! লোভ সামৰিব নাৱাৰি প্ৰতাৰিত হৈ হেৰুৱালে সৰ্বস্ব, তাৰ পিছত কি হ'ল...

Gold Coin Fraud : ফোন কৰি কয়, মাটিৰ তলত বহুতো সোণৰ মুদ্ৰা পোৱা গৈছে!

Gold Coin Fraud : ফোন কৰি কয়, মাটিৰ তলত বহুতো সোণৰ মুদ্ৰা পোৱা গৈছে!

Gold Coin Fraud : ফোন কৰি কয়, মাটিৰ তলত বহুতো সোণৰ মুদ্ৰা পোৱা গৈছে!

  • Share this:
প্ৰলোভন আৰু প্ৰতাৰণাৰ নতুন ফান্দ পাতিছে বৃহৎ প্ৰৱঞ্চক চক্ৰই।সাদাৰণ লোকক সোণৰ মুদ্ৰাৰ লোভ দেখুৱাই জাল মেলিছে লুণ্ঠনৰ। সোণৰ মুদ্ৰা বা কয়েন (Gold Coin) বিক্ৰী কৰাৰ নামত ব্যাপকভাৱে জাল পেলাইছে প্ৰৱঞ্চকৰ দলে। এজন ব্যক্তিক এটা ফোন কলৰ জড়িয়তে টাৰ্গেট কৰি লয়। তাৰ পিছত তেওঁক সেই অজ্ঞাত ফোন নম্বৰ ফোন কৰি কোৱা হয় যে  মাটিৰ তলত বহুতো সোণৰ মুদ্ৰা (Gold Coin Fraud) পোৱা গৈছে। এই সোণৰ মুদ্ৰাবোৰ কম দামত মনে মনে বিক্ৰী কৰা হ'ব বুলি কোৱা হয়। তাৰ পিছতে বহু সহজ-সৰল লোক অত্যধিক লাভৰ আশাত প্ৰলোভিত হৈ প্ৰৱঞ্চকৰ ফান্দত ভৰি দিয়ে।

গ্ৰাহকক যিসমূহ সোণৰ মুদ্ৰা দেখুওৱা হয় তাৰে এটা-দুটা আচল সোণৰ মুদ্ৰা থাকে, যাতে মানুহক সহজতে প্ৰলোভিত কৰিব পাৰি আৰু বাকীবোৰ সোণৰ দৰে ৰং লগোৱা নকল মুদ্ৰা।এনেদৰে সবজ-সৰল লোকক জালত পেলাই লয় প্ৰৱঞ্চকে। শেহতীয়াকৈ এনে এক চক্ৰক আৰক্ষীয়ে উৎখাত কৰে পশ্চিমবংগ (West Bengal)ত। পশ্চিমবংগৰ বীৰভূমৰ চিউৰিৰ পৰা নকল সোণৰ মুদ্ৰা বিক্ৰী কৰা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে সোণৰ মুদ্ৰাৰ (Fake Gold Coin) বৃহৎ প্ৰলোভনৰ বাবে বহু লোক স্বাভাৱিকতে এই প্ৰৱঞ্চকৰ ফান্দত পৰে। এন লোকক এনেদৰে মাতি অনা হৈছিল আৰু সোণৰ মুদ্ৰাৰ বিষয়ে কোৱা হৈছিল। তেতিয়াই ঘটনাটো বীৰভূম জিলা আৰক্ষীৰ নজৰত পৰিছিল। প্ৰৱঞ্চনাৰ কাণ্ড পোহৰলৈ  অহাৰ লগে লগে আৰক্ষীয়ে দ্ৰুততাৰে তদন্ত আৰম্ভ কৰে। কেইদিনমান তদন্ত চলাই তেওঁ বীৰভূমৰ চিউৰিৰ এখন গাঁৱৰ পৰা এই নকল সোণৰ মুদ্ৰা বিক্ৰীৰ সৈতে জড়িত চাৰিজন দুৰ্বৃত্তক ধৰা পেলায়।
Published by:Manjumoni Borah
First published: