মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Gohpur Police Arrested : দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী উপ-পৰিদৰ্শক, ২০ হাজাৰ লওঁতে ধৰা পৰিল হাতে-লোটে

Gohpur Police Arrested : দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী উপ-পৰিদৰ্শক, ২০ হাজাৰ লওঁতে ধৰা পৰিল হাতে-লোটে

ধীৰাজ নমশূদ্ৰৰ আৱাসতো তালাচী চলাইছে দুৰ্নীতি নিৰ্বাৰক শাখাই।

ধীৰাজ নমশূদ্ৰৰ আৱাসতো তালাচী চলাইছে দুৰ্নীতি নিৰ্বাৰক শাখাই।

ধীৰাজ নমশূদ্ৰৰ আৱাসতো তালাচী চলাইছে দুৰ্নীতি নিৰ্বাৰক শাখাই।

  • Share this:

কনকলতা-মুকুন্দ কাকতিৰ বুকুৰ শোণিতেৰে ঐতিহ্যমণ্ডিত হোৱা গহপুৰ আৰক্ষী থানাত কলংক। দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী উপ-পৰিদৰ্শক। এই উপ-পৰিদৰ্শকগৰাকীৰ নাম ধীৰাজ নমশূদ্ৰ।


গহপুৰ ধেনুধৰাৰ প্ৰিয়ংকা উপাধ্যায় নামৰ এগৰাকী অভিযুক্তৰ পৰা ২০ হাজাৰ টকা লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে-লোটে ধৰা পৰিল উপ-পৰিদৰ্শকগৰাকী। দুৰ্নীতি নিবাৰক শাখাই গহপুৰ আৰক্ষী থানাৰ ভিতৰতে সোধা-পোছা অব্যাহত ৰাখিছে ধীৰাজ নমশূদ্ৰক।


ইতিমধ্যে ধীৰাজ নমশূদ্ৰৰ আৱাসতো তালাচী চলাইছে দুৰ্নীতি নিৰ্বাৰক শাখাই। উল্লেখ্য যে গোচৰ নিষ্পত্তিৰ নামত প্ৰিয়ংকা নামৰ অভিযুক্তগৰাকীৰ পৰা ১ লাখ টকা বিচাৰিছিল ধীৰাক নমশূদ্ৰই। উক্ত ১ লাখ টকাৰ অগ্ৰিম ধন হিচাপে ২০ হাজাৰ টকা লওঁতেই দুৰ্নীতি নিৰ্বাৰক শাখাই কৰায়ত্ত কৰে তেওঁক।

শেহতীয়া বাতৰি